মুখ্যপৃষ্ঠা »খবৰ »অসম »২৩ দিনীয়া সন্তানক আনৰ হাতত গতাই পিতৃয়ে ল’লে চৰম পন্থা, কিন্তু কিয়?

২৩ দিনীয়া সন্তানক আনৰ হাতত গতাই পিতৃয়ে ল’লে চৰম পন্থা, কিন্তু কিয়?

প্ৰায় ১৬ দিন পূৰ্বে অৰ্থাৎ ৮ দিন বয়সত এই ফুলকুমলীয়া শিশুটিক গতাই দিয়া হৈছিল অইন দম্পতীলৈ ৷

প্ৰায় ১৬ দিন পূৰ্বে অৰ্থাৎ ৮ দিন বয়সত এই ফুলকুমলীয়া শিশুটিক গতাই দিয়া হৈছিল অইন দম্পতীলৈ ৷

প্ৰায় ১৬ দিন পূৰ্বে অৰ্থাৎ ৮ দিন বয়সত এই ফুলকুমলীয়া শিশুটিক গতাই দিয়া হৈছিল অইন দম্পতীলৈ ৷

  • Share this:
বঙাইগাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা৷ ঋণৰ বোজা সহিব নোৱাৰি নিজৰ ২৩ দিনীয়া সন্তানক আন দম্পতীৰ হাতত গতাই আজি জীৱনৰ চৰম সিদ্ধান্ত ল’লে উত্তম দে নামৰ এজন লোকে ৷ ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও চহৰৰ উদয় নগৰত৷ বঙাইগাঁৱৰ চাপাগুৰিত ইলেকট্ৰ’নিক দোকান আছে উত্তম দে নামৰ লোকজনৰ৷ কিন্তু লকডাউনৰ সময়ছোৱাৰ পৰা দোকান তথা ব্যবসায় বন্ধ হৈ পৰে উত্তমৰ৷ যাৰ ফলস্বৰূপে ক্ৰমশঃ ঋণত পোত যাবলৈ আৰম্ভ কৰে লোকজন আৰু  হতাশাত ভাগি পৰে৷

এজনী ১৪ বছৰীয়া কন্যা আৰু ৪ বছৰীয়া পুত্ৰ সন্তান থকা পৰিয়ালটোত প্ৰায় ২৩ দিন পূৰ্বে জন্ম লয় আন এটি পুত্ৰ সন্তানে৷ লকডাউনৰ প্ৰভাৱ তথা ব্যবসায় বন্ধ হৈ থকাৰ সময়ছোৱাত এই নৱজাতকটিক লৈয়ো একপ্ৰকাৰ বিমোৰত পৰিবলগীয়া হৈছে পৰিয়ালটো৷ দুবেলা দুমুঠি খাদ্যৰ বাবেও হাহাকাৰ কৰি থকা পৰিয়ালটোৱে অবশেষত নিজৰ এই ফুলকুমলীয়া সন্তানটিক গতাই দিয়ে আন দম্পতীৰ হাতত৷

প্ৰায় ১৬ দিন পূৰ্বে অৰ্থাৎ ৮ দিন বয়সত এই ফুলকুমলীয়া শিশুটিক গতাই দিয়া হৈছিল অইন দম্পতীলৈ ৷ তথাপি পৰিয়ালটোলৈ নাহিল স্বাভাৱিক জীবন৷ দিনকদিনে  ধাৰৰ বোজা সহিব নোৱাৰা হ’ল পৰিয়ালটোৱে৷ পৰিয়ালৰ মূৰব্বী উত্তমক ঘেৰি ধৰিলে দুশ্চিন্তাই৷ ঋণদাতা সকলে হেঁচা দিবলৈ আৰম্ভ কৰাত ভয়ত ঘৰৰ পৰা প্ৰায় বাহিৰলৈ ওলোৱা বন্ধ হ’ল উত্তমৰ৷ এফালে ব্যবসায় বন্ধ, আনফালে ঋণৰ বোজা৷ এনে পৰিপেক্ষিততে উত্তমে আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ কৰা হৈছে৷

শেহতীয়া বাতৰি