যোৰহাটৰ হোটেলত কোৱাৰেণ্টাইন হৈ থকা বহিঃৰাজ্যৰ যুৱকৰ ৰহস্যজনক মৃত্যু

News18 Assam | News18-Assam
Updated:August 2, 2020, 7:51 AM IST
যোৰহাটৰ হোটেলত কোৱাৰেণ্টাইন হৈ থকা বহিঃৰাজ্যৰ যুৱকৰ ৰহস্যজনক মৃত্যু
ফাইল ফটো

নগৰৰ গড়আলিস্থিত সীমা হোটেলত শুকুৰবাৰৰ পৰা কোৱাৰেণ্টাইন হৈ থকা যুৱকজনে ১০৭ নম্বৰ কোঠাত স্ব-ইচ্ছাই জীৱন ত্যাগ কৰা বুলি হোটেল কৰ্তৃপক্ষ তথা আৰক্ষীয়ে জানিবলৈ দিছে।

  • Share this:
যোৰহাট নগৰৰ এখন হোটেলত কোৱাৰেণ্টাইন হৈ থকা এজন যুৱকে শণিবাৰে ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি লয়। নগৰৰ গড়আলিস্থিত সীমা হোটেলত শুকুৰবাৰৰ পৰা কোৱাৰেণ্টাইন হৈ থকা যুৱকজনে ১০৭ নম্বৰ কোঠাত স্ব-ইচ্ছাই জীৱন ত্যাগ কৰা বুলি হোটেল কৰ্তৃপক্ষ তথা আৰক্ষীয়ে জানিবলৈ দিছে।

হোটেলৰ কোঠাৰ ভিতৰতে ডিঙিত চিপ লৈ মৃত্যুক সাৱটি লোৱা যুৱকজন হ’ল পশ্চিমবঙ্গৰ মালদাহৰ শৈলেন চুৰেন। মালদাহৰ পৰা শুকুৰবাৰে যোৰহাটলৈ অহা মুঠ দহজন লোক হোটেলখনত কোৱাৰেণ্টাইন হৈ আছিল। ‘ভৰিন্দ্ৰা কনষ্ট্ৰাকছন লিমিটেড’ নামৰ প্ৰতিষ্ঠানটোত কাম কৰিবলৈ আহিছিল এই লোককেইজন। দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে মৃত্যুৰ কাৰণ জানিবলৈ সক্ষম হোৱা নাই।

" দহজন লোক মালদাহৰ পৰা যোৰহাটলৈ অহাৰ পিছত কোৱাৰেণ্টাইনত থকাৰ বাবে শুকুৰবাৰে হোটেললৈ আহিছিল। ১০৭ নম্বৰ কোঠাটোত দুজন যুৱক আছিল। তাৰে এজন যুৱক কাষৰ কোঠাটোত থকা অৱস্থাতে শৈলেন চুৰেন নামৰ ২০ বছৰীয়া যুৱকজনক কোঠাৰ ভিতৰত গামোচাৰে ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ।" , সীমা হোটেল কৰ্তৃপক্ষই এনেদৰে কয় ।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 7:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading