নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়া ন-মাটি গাঁৱৰ এগৰাকী ব্যক্তি নিৰুদ্দেশ হৈ থকাৰ খবৰে অঞ্চলটোত ব্যাপক চাঞ্চ্যলৰ সৃষ্টি কৰিছে। ত্ৰিশ বছৰীয়া এই লোকজন হ'ল গাঁওখনৰ ৰাজকুমাৰ দাস ওৰফে শংকৰ দাস।
৩০ আগষ্টৰ পুৱা প্ৰায় ৭ বজাত নিজৰ AS-14L-2874 নম্বৰৰ গ্লেমাৰ বাইকখনেৰে কাম বিচাৰি গুৱাহাটীলৈ অহাৰ পিছৰে পৰা তেওঁ নিৰুদ্দেশ হোৱাৰ খবৰে পত্নীৰ-পুত্ৰৰ লগতে পৰিয়ালটোৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
এই নিৰুদ্দেশৰ ঘটনাই সমান্তৰালভাৱে গাঁওবাসীকো চিন্তিত কৰি তুলিছে ৷ পৰিয়ালৰ লোক তথা আত্মীয়্ই বিচাৰি চলাথ কৰা পিছতো কোনো শুংসুত্ৰ নোপোৱাত পত্নী অবলা দাসে ছয় বছৰীয়া পুত্ৰৰ সৈতে ঘগ্ৰাপাৰ আৰক্ষীৰ কাষ চাপে। তেওঁ স্বামীৰ নিৰুদ্দেশ সম্পৰ্কে ঘগ্ৰাপাৰ আৰক্ষী থানাত এটি গোচৰ ৰজু কৰিছে।
কোনো লোকে ৰাজকুমাৰ দাস ওৰফে শংকৰ দাসৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানৰ লগতে 91 87240 64227 ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পত্নীয়ে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|