তেজপুৰত ৰাজপথত কেৰাচিন ঢালি জীৱন্তে জ্বলাই দিলে এজন লোকক

News18-Assam
Updated:November 22, 2019, 7:17 AM IST
তেজপুৰত ৰাজপথত কেৰাচিন ঢালি জীৱন্তে জ্বলাই দিলে এজন লোকক
আৰক্ষীয়ে অভিযুক্ত ৰাজীৱ দাসক বিচাৰি অব্যাহত ৰাখিছে অভিযান।

আৰক্ষীয়ে অভিযুক্ত ৰাজীৱ দাসক বিচাৰি অব্যাহত ৰাখিছে অভিযান।

  • Share this:
তেজপুৰত নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজপথত জীৱন্তে জ্বলাই দিলে এজন লোকক। কেৰাচিন ঢালি অগ্নিসংযোগ লোকজনৰ দেহত। অগ্নিদগ্ধ লোকজনৰ নাম শিৱ কেওট। ৰাজীৱ দাস নামৰ লোকজনে অগ্নিসংযোগ কৰাৰ অভিযোগ।

সংকটজনক অৱস্থাত শিৱক বেবেজীয়া আৰক্ষীয়ে উদ্ধাৰ কৰি তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। এই ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ৰাজীৱ দাসে। পূৰ্বৰে পৰা দুয়োৰে মাজত আছিল মতানৈক্য। আৰক্ষীয়ে অভিযুক্ত ৰাজীৱ দাসক বিচাৰি অব্যাহত ৰাখিছে অভিযান।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি