• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱত জীৱন্তে জ্বলাই দিয়া হ'ল যুৱকক! কেৰাচিন ঢালি জ্বলাই দি গাঁত খান্দি পুতি থ’লে মৃতদেহ

নগাঁৱত জীৱন্তে জ্বলাই দিয়া হ'ল যুৱকক! কেৰাচিন ঢালি জ্বলাই দি গাঁত খান্দি পুতি থ’লে মৃতদেহ

অন্ধবিশ্বাসৰ বাবেই নগাঁও জিলাৰ বঢ়মপুৰ বৰলালুং গাঁৱত সংঘটিত হ'ল জঘন্য ঘটনা। জীৱন্তে জ্বলাই দিয়া হ'ল ৰঞ্জিত বৰদলৈ নামৰ এগৰাকী ব্যক্তিক।

অন্ধবিশ্বাসৰ বাবেই নগাঁও জিলাৰ বঢ়মপুৰ বৰলালুং গাঁৱত সংঘটিত হ'ল জঘন্য ঘটনা। জীৱন্তে জ্বলাই দিয়া হ'ল ৰঞ্জিত বৰদলৈ নামৰ এগৰাকী ব্যক্তিক।

অন্ধবিশ্বাসৰ বাবেই নগাঁও জিলাৰ বঢ়মপুৰ বৰলালুং গাঁৱত সংঘটিত হ'ল জঘন্য ঘটনা। জীৱন্তে জ্বলাই দিয়া হ'ল ৰঞ্জিত বৰদলৈ নামৰ এগৰাকী ব্যক্তিক।

  • Share this:
একবিংশ শতিকাত প্ৰযুক্তিৰ বিকাশে চৰম পৰ্যায়ত উপনীত হোৱাৰ সময়তো এতিয়াও অসমৰ বহু অঞ্চলৰ ৰাইজে অন্ধবিশ্বাসৰ গ্ৰাসত আৱদ্ধ হৈ জীৱন-যাপন কৰিছে। অন্ধবিশ্বাসৰ বাবেই নগাঁও জিলাৰ বঢ়মপুৰ বৰলালুং গাঁৱত সংঘটিত হ'ল জঘন্য ঘটনা। জীৱন্তে জ্বলাই দিয়া হ'ল ৰঞ্জিত বৰদলৈ নামৰ এগৰাকী ব্যক্তিক।

জানিব পৰা মতে, কেইদিনমান পূৰ্বে সবিতা পাটৰ নামৰ এগৰাকী মহিলাৰ পানীত পৰি মৃত্যু হৈছিল। কিন্তু গাঁৱৰ একাংশ ৰাইজে এই ঘটনাৰ বাবে ভাৰতী বৰদলৈ নামৰ বেজালি কৰা এগৰাকী মহিলাক সন্দেহ কৰে। সেই অনুসৰিয়ে শনিবাৰৰ দিনা বৰলালুং গাঁৱত অনুস্থিত হয় ৰাইজমেলৰ। স্থানীয় একাংশ লোকৰ মতে ৰাইজমেলত ভাৰতীয়ে ৫গৰাকী লোকৰ সৈতে মিলি এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা কয়।

ভাৰতীৰ মতে, ৰঞ্জিত বৰদলৈ নামৰ ব্যক্তিগৰাকীয়ে সবিতা পাটৰক প্ৰথমে ডিঙি চেপি হত্যা কৰিছিল আৰু তাৰ পিছত বাকী ৪জনৰ সৈতে মিলি পানীত পেলাই দিছিল। ভাৰতীৰ এই ভাষ্যৰ পিছতে স্থানীয় ৰাইজে শনিবাৰে দিনৰ প্ৰায় ৩ বজাত ৰঞ্জিত বৰদলৈক ঘৰৰ পৰা ধৰি আনি গছত বান্ধি মাৰ-ধৰ কৰে। ইয়াৰ পিছতে ৰঞ্জিতৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়ে। অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লোৱা ৰঞ্জিতৰ মৃতদেহ গাত খান্দি পুতি থয় ৰাইজে।

এই ঘটনাৰ খবৰ লাভ কৰি চামগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা দল গাঁওখনত উপস্থিত হয়। আৰক্ষীৰ দল দেখাৰ লগে লগে গাঁওখনৰ ৰাইজে পলায়ন কৰে যদিও আৰক্ষীয়ে ঘটনা সংক্ৰান্তত সোধা-পোছাৰ বাবে ৫গৰাকী মহিলাক আটক কৰে। ইয়াৰ পিছতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস ঘটনাস্থলীত উপস্থিত হৈ ৰঞ্জিতৰ অগ্নিদগ্ধ মৃতদেহ গাঁতৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি