পত্নী বাৰে বাৰে অন্য পুৰুষলৈ পলাই যায়। উপায়ন্তৰ স্বামীয়ে লোৱা অদ্ভুত পদক্ষেপে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। ঘটনাটো নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত বৰমা গাঁৱৰ।
উপায়ন্তৰ স্বামীয়ে নিজৰ কঁকালত শিকলিৰে তলা মাৰি পত্নীকো কঁকালত তলা ওলমাই চোঁচৰাই আনিলে চামগুৰি আৰক্ষী থানালৈ। ২০১৩ বৰ্ষতে বিবাহ পাশত আৱদ্ধ হোৱা তিনিটা সন্তানৰ পিতৃ হাফিজুলৰ অভিযোগ, পত্নীয়ে বাৰে বাৰে তিনি সন্তানৰ লগতে তেওঁক এৰি পৰ পুৰুষলৈ পলাই যায়। কিছু দিনৰ পূৰ্বে বগামুৰৰ মেৰাজুল নামৰ যুৱক এজনৰ লগত পলাই যায় পত্নী। মঙলবাৰে পুনৰ ঘৰলৈ উভতি আহিছিল পত্নী। এইবাৰ স্বামী হাফিজুলে ল'লে এক অদ্ভুত সিদ্ধান্ত।
নিজৰ কঁকালত শিকলিৰে বান্ধি পত্নীৰ কঁকালতো শিকলিৰে তলা মাৰি চিধাই তিনি সন্তানক লগত লৈ চামগুৰি আৰক্ষী থানাত হাজিৰ হয় স্বামী। দুয়োকে দেখি আৰক্ষীও হায়ৰান হৈ পৰে। ইপিনে অভিযুক্ত পত্নীয়ে স্বামী হাফিজুলে অত্যাচাৰ কৰাৰ বাবেহে পৰ পুৰুষৰ লগত পলাই যাবলৈ বাধ্য হৈছিল বুলি প্ৰকাশ কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 09, 2023, 16:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|