অঞ্চলটোত সঘনাই বাংলাদেশী গৰু চোৰে তাণ্ডৱ চলোৱাৰ বাবে লোকজনকো চোৰ বুলি সন্দেহ ওপজে ৰাইজৰ মনত।
অঞ্চলটোত সঘনাই বাংলাদেশী গৰু চোৰে তাণ্ডৱ চলোৱাৰ বাবে লোকজনকো চোৰ বুলি সন্দেহ ওপজে ৰাইজৰ মনত।
কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ চাহ বাগিচাত গণপ্ৰহাৰৰ ঘটনা। চোৰৰ সন্দেহত এজন লোকক নৃশংসভাৱে প্ৰহাৰ কৰিলে একাংশ লোকে। স্থানীয় কেইজনমান লোকৰ সহযোগত আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনাৰ স্থান আছিল পাথাৰকান্দি সমষ্টিৰ বুবৰিঘাট চাহ বাগিচা।
ৰাতাবাৰীৰ ধলগাঁৱৰ ইশান আলী নামৰ লোকজনে শনিবাৰ নিশাৰ ভাগত বুবৰিঘাট চাহ বাগিচাত সন্দেহজনকভাৱে বিচৰণ কৰি থাকোতে স্থানীয় ৰাইজৰ সন্দেহ হয়। অঞ্চলটোত সঘনাই বাংলাদেশী গৰু চোৰে তাণ্ডৱ চলোৱাৰ বাবে লোকজনকো চোৰ বুলি সন্দেহ ওপজে ৰাইজৰ মনত। ইয়াৰ পিছতে বাগিচাৰ একাংশ যুৱকে লোকজনক ধৰি লপাথপা দিয়ে।
কিন্তু একাংশ লোকৰ সহযোগত আৰক্ষীয়ে লোকজনক আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাৰ বুজ ল’বলৈ কৰিমগঞ্জৰ উপ–আৰক্ষী অধীক্ষক সুধন্য শুক্লবৈদ্য কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ কয় – পাথাৰকান্দি আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছতে সম্পূৰ্ণ ঘটনাৰ কাৰণ জনা সম্ভব হ’ব। কিন্তু লকডাউনৰ সময়ছোৱাত নিশাৰ ভাগত লোকজনে ৰাতাবাৰীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ চাহ বাগিচাত গৈ কি কৰি আছিল, তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|