প্ৰথমে পত্নী–কন্যাক কুঠাৰেৰে আক্ৰমণ, তাৰ পিছত ঘপিয়ালে নিজৰ দেহত, কুঠাৰ লৈ খেদিলে গাঁৱৰ ৰাইজকো, বাক্সাৰ নাগ্ৰীজুলিত চাঞ্চল্য

স্থানীয় ৰাইজে ঘটনাটো অৱগত হৈ ৰাজকুমাৰ দাসক বাধা দিবলৈ চেষ্টা কৰে যদিও ৰাজকুমাৰ দাসে গাঁৱৰ ৰাইজকো আক্ৰমণ কৰাৰ চেষ্টা কৰে৷
স্থানীয় ৰাইজে ঘটনাটো অৱগত হৈ ৰাজকুমাৰ দাসক বাধা দিবলৈ চেষ্টা কৰে যদিও ৰাজকুমাৰ দাসে গাঁৱৰ ৰাইজকো আক্ৰমণ কৰাৰ চেষ্টা কৰে৷
- News18 Assam
- Last Updated: November 6, 2020, 10:19 AM IST
স্থানীয় ৰাইজে ঘটনাটো অৱগত হৈ ৰাজকুমাৰ দাসক বাধা দিবলৈ চেষ্টা কৰে যদিও ৰাজকুমাৰ দাসে গাঁৱৰ ৰাইজকো আক্ৰমণ কৰাৰ চেষ্টা কৰে৷ পিছত স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষী চকীত খবৰ দিয়ে৷ খবৰ লাভ কৰিয়ে নাগ্ৰীজুলি আৰক্ষী চকীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত পত্নী ঝৰ্ণা আৰু কন্যা ববিতাক স্থানীয় ৰাইজৰ সহযোগত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে৷ চিকিৎসকে ৰাজকুমাৰৰ পত্নী ঝৰ্ণা দাসক মৃত বুলি ঘোষণা কৰে আৰু ৰাজকুমাৰৰ কন্যা ববিতাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷
ঘৰৰ পৰা পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা কৰে পুত্ৰ সন্তান সুজিত দাসে। আনহাতে গুৰুতৰভাৱে আহত ৰাজকুমাৰক আৰক্ষীয়ে আটক কৰি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰে। ঘটনা সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷