হাজোৰ (Hajo) দামপুৰত সংঘটিত হৈছে এক নৃশংস আক্ৰমণৰ ঘটনা। এজন যুৱকৰ আক্ৰমণৰ বলি হৈছে এগৰাকী পিতৃ। মুন আলী নামৰ লম্পট যুৱকজনে চুৰীৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছে মকতেৰ আলী নামৰ লোকজনক।
ঘটনা অনুসৰি, মুন আলী নামৰ যুৱকজনে ৰাজপথত প্ৰায়ে বিদ্যালয়লৈ অহা–যোৱাৰ সময়ত মকতেৰ আলীৰ জীয়ৰীক অশ্লীল শব্দৰে হাৰশাস্তি কৰি আহিছিল। এই কথা ছাত্ৰীগৰাকীয়ে জনাইছিল নিজৰ অভিভাৱকক। কিন্তু গুৰুত্ব সহকাৰে লোৱা নাছিল ছাত্ৰীগৰাকীৰ অভিভাৱকে।
কিন্তু মঙলবাৰে মুন আলীয়ে নিজৰ চৰম সীমা অতিক্ৰম কৰাত কিশোৰীগৰাকীয়ে এই কথাৰ বিৰোধিতা কৰে। তাৰ পাছতে ছাত্ৰীগৰাকীক আক্ৰমণৰ চেষ্টা চলায় মুনে। মুন আলীয়ে ছাত্ৰীগৰাকীক আক্ৰমণ কৰিবলৈ ওলোৱা খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত ছাত্ৰীগৰাকীৰ পিতৃ আৰু ভাতৃ উপস্থিত হৈ এই কাৰ্যত বাধা প্ৰদান কৰে। তেনে সময়তে মুন আলীয়ে এখন চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰে মকতেৰ আলীক।
এই ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে মুনে। অৱশেষত স্থানীয় লোকৰ সহযোগত মকতেৰক ৰক্তাক্ত অৱস্থাত ভৰ্তি কৰোৱা হয় হাজো বিষ্ণুৰাম মেধি সামুহিক স্বাস্থ্য কেন্দ্ৰত। লগতে হাজো আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 15, 2023, 14:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।