• Home
  • »
  • News
  • »
  • assam
  • »
  • KALIABOR : এডাল কেঁকো সাপত দহ লাখ টকাকৈ বন্দৱস্ত, কিন্তু গ্ৰাহক আছিল ছদ্মৱেশী আৰক্ষী, গ্ৰেপ্তাৰ ১

KALIABOR : এডাল কেঁকো সাপত দহ লাখ টকাকৈ বন্দৱস্ত, কিন্তু গ্ৰাহক আছিল ছদ্মৱেশী আৰক্ষী, গ্ৰেপ্তাৰ ১

অভিযোগ মতে, কলিয়াবৰৰ নিজৰি, বামুণী, হাতীগাঁও অঞ্চলত সঘনে সংঘটিত হৈ আছে কেঁকোসাপৰ চোৰাং কাৰবাৰ৷ 

অভিযোগ মতে, কলিয়াবৰৰ নিজৰি, বামুণী, হাতীগাঁও অঞ্চলত সঘনে সংঘটিত হৈ আছে কেঁকোসাপৰ চোৰাং কাৰবাৰ৷ 

অভিযোগ মতে, কলিয়াবৰৰ নিজৰি, বামুণী, হাতীগাঁও অঞ্চলত সঘনে সংঘটিত হৈ আছে কেঁকোসাপৰ চোৰাং কাৰবাৰ৷ 

  • Share this:
কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত মিছা আৰক্ষী চকী এলেকাৰ নিজৰিত অভিযান চলাই কেঁকো সাপসহ গ্ৰেপ্তাৰ কৰা হয় এজন ব্যৱসায়ীক। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই তিনি কেঁকোসাপসহ গ্ৰেপ্তাৰ কৰে জাহাদুল ইছলাম নামৰ চোৰাং ব্যৱসায়ীটোক।

প্ৰতিডাল কেঁকো সাপ দহ লাখ টকাকৈ বিক্ৰীৰ বাবে যোগাযোগ কৰিছিল ধৃত চোৰাং ব্যৱসায়ীটোৱে। আৰক্ষীয়ে ক্ৰেতা হিচাপে গৈ গ্ৰেপ্তাৰ কৰে চোৰাং ব্যৱসায়ীটোক।

চুলুং তহলদাৰী আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক মৃদুল দেৱনাথ, মিছা আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শকৰ সহযোগত মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে চলাইছিল এই  অভিযান।

অভিযোগ মতে, কলিয়াবৰৰ নিজৰি, বামুণী, হাতীগাঁও অঞ্চলত সঘনে সংঘটিত হৈ আছে কেঁকোসাপৰ চোৰাং কাৰবাৰ৷
Published by:Gautam Barman
First published: