• Home
  • »
  • News
  • »
  • assam
  • »
  • গাঞ্জা, ৰোলিং পেপাৰ আৰু বহিঃৰাষ্ট্ৰৰ নিষিদ্ধ চিগাৰেটসহ বশিষ্ঠ আৰক্ষীৰ জালত এজন

গাঞ্জা, ৰোলিং পেপাৰ আৰু বহিঃৰাষ্ট্ৰৰ নিষিদ্ধ চিগাৰেটসহ বশিষ্ঠ আৰক্ষীৰ জালত এজন

ৰাজদীপ মজুমদাৰে দীৰ্ঘদিন ধৰি মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে পাটৰকুছি, বশিষ্ঠ, খানাপাৰাৰ বিভিন্ন অঞ্চলত চলাই আহিছিল গাঞ্জৰ ব্যৱসায়।

  • Share this:
মহানগৰীৰ বশিষ্ঠ অঞ্চলৰ ভিন্ন স্থানত এতিয়া মুকলিকৈ উপলদ্ধ নিষিদ্ধ নিচাজাতীয় গাঞ্জা।  নিষিদ্ধ নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি থকাৰ কথা উমান পাই অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে। বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিম্পল গৈয়াৰীৰ নেতৃ্ত্বত খানাপাৰা, পাটৰকুছিত অভিযান চলাই  গ্ৰেপ্তাৰ কৰে  গাঞ্জ ব্যৱসায়ীক। গাঞ্জা ব্যৱসায়ীজনৰ নাম ৰাজদীপ মজুমদাৰ।

ৰাজদীপ মজুমদাৰে দীৰ্ঘদিন ধৰি মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে পাটৰকুছি, বশিষ্ঠ, খানাপাৰাৰ বিভিন্ন অঞ্চলত চলাই আহিছিল গাঞ্জৰ ব্যৱসায়। ধৃত লোকজনৰ পৰা বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা, দুটা মোবাইল ফোন, ১০০ ৰোলিং পেপাৰ আৰু নিষিদ্ধ বহিঃৰাষ্ট্ৰৰ চিগাৰেটৰ দুটা বাণ্ডিল। ৰাজদীপ মজুমদাৰক গ্ৰেপ্তাৰ কৰি বশিষ্ঠ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে। ৰাজেদীপ মজুমদাৰৰদ ঘৰ বশিষ্ঠৰ পাটৰকুছিত।
Published by:Sanjay Kumar Das
First published: