মুখ্যপৃষ্ঠা »খবৰ »অসম »কলগাছিয়া আৰক্ষীৰ বৃহৎ সফলতা, ৩ লাখ ২৪ হাজাৰ নকল টকাৰ সৈতে এজনক গ্ৰেপ্তাৰ 

কলগাছিয়া আৰক্ষীৰ বৃহৎ সফলতা, ৩ লাখ ২৪ হাজাৰ নকল টকাৰ সৈতে এজনক গ্ৰেপ্তাৰ 

গোপন খবৰৰ ভিত্তিত দেওবাৰে কলগাছিয়াৰ আৰক্ষীয়ে জাল নোটসহ ৰাজু আহমেদক গ্ৰেপ্তাৰ কৰে।

গোপন খবৰৰ ভিত্তিত দেওবাৰে কলগাছিয়াৰ আৰক্ষীয়ে জাল নোটসহ ৰাজু আহমেদক গ্ৰেপ্তাৰ কৰে।

গোপন খবৰৰ ভিত্তিত দেওবাৰে কলগাছিয়াৰ আৰক্ষীয়ে জাল নোটসহ ৰাজু আহমেদক গ্ৰেপ্তাৰ কৰে।

  • Share this:
কলগাছিয়া আৰক্ষীৰ বৃহৎ সফলতা। ৩ লাখ ২৪ হাজাৰ নকল টকাৰ সৈতে এজনক গ্ৰেপ্তাৰ।
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱৰ পৰা ছহিদুল ইছলামৰ পুত্ৰ ৰাজু আহমেদ (২৭)ক ৩ লাখ ২৪ হাজাৰ নকল টকাৰ সৈতে গ্ৰেপ্তাৰ কৰে।

ধৃত ৰাজু আহমেদৰ ভাষ্য অনুসৰি, জনতা গাঁৱৰ ছামচুল হকৰ পুত্ৰ ছাইফুদ্দিনে চৰকাৰৰ পৰা ৰেহাই মূল্যত পোৱা ৪খন টেক্টৰ কম দামত কিনাৰ বাবদ ৭ লক্ষাধিক টকা প্ৰদান কৰিছিল। টেক্টৰ যোগান ধৰিব নোৱাৰাত দুমাহ পূৰ্বে ৰাজু আহমেদক উক্ত ৩ লাখ ৪৮ হাজাৰ নকল টকা ঘূৰাই দিয়ে।

গোপন খবৰৰ ভিত্তিত দেওবাৰে কলগাছিয়াৰ আৰক্ষীয়ে জাল নোটসহ ৰাজু আহমেদক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে ছাইফুদ্দিনে এটা ফেচবুক পেজ খুলি নিজকে সাংবাদিক বুলি জহাই ফুৰিছিল। এই ঘটনাৰ সৈতে জড়িত প্ৰতিজনকে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে সচেতন মহলে।

শেহতীয়া বাতৰি