உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটাৰ কেওটকুছিত মাৰণাস্ত্ৰসহ এজন লোকক গ্ৰেপ্তাৰ

    বৰপেটাৰ কেওটকুছিত মাৰণাস্ত্ৰসহ এজন লোকক গ্ৰেপ্তাৰ

    লোকজনৰ পৰা এটা হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৬ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে৷

    লোকজনৰ পৰা এটা হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৬ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে৷

    লোকজনৰ পৰা এটা হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৬ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে৷

    • Share this:
    বৰপেটাৰ কেওটকুছিত মাৰণাস্ত্ৰসহ এজন লোকক গ্ৰেপ্তাৰ৷ বৰপেটা-হাজো-গুৱাহাটী পথৰ কেওটকুছি উন্নয়ন খণ্ডৰ সন্মুখৰ পৰা গ্ৰেপ্তাৰ লোকজনক৷ ধৃত লোকজন চিৰাং জিলাৰ চিদলীৰ সমীপৰ মাজবাৰী গাঁৱৰ ছাইফুদ্দিন দেৱান।

    লোকজনৰ পৰা এটা হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৬ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে৷ বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসৰ খবৰৰ ভিত্তিত ডিএছপি মদন কলিতাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে লোকজনক৷

    চিৰাঙৰ চিদলীৰ পৰা বৰপেটাৰ কেওটকুছি গাঁৱলৈ কি কাৰণত মাৰণাস্ত্ৰসহ আহিছিল লোকজন সেই সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ কেওটকুছিত মাৰণাস্ত্ৰসহ লোকজনক গ্ৰেপ্তাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
    Published by:Sanjay Kumar Das
    First published: