মুখ্যপৃষ্ঠা »খবৰ »অসম »কণমানি ভতিজীক যৌন নিৰ্যাতন চলোৱা কুলাংগাৰ ‘বৰদেউতা’ক গ্ৰেপ্তাৰ

কণমানি ভতিজীক যৌন নিৰ্যাতন চলোৱা কুলাংগাৰ ‘বৰদেউতা’ক গ্ৰেপ্তাৰ

Source-Google

বৰদেউতাকে এজনী কণমানিক ধাৰাবাহিক ভাবে চলাইছিল যৌন নিৰ্যাতন

  • Share this:
    সাংস্কৃতিক নগৰী যোৰহাটক লজ্জানত কৰা এক ভয়ংকৰ অভিযোগ । এগৰাকী কণমানিক বৰদেউতাকে ধাৰাবাহিক যৌন নিৰ্যাতন চলাই শেষত মানসিক ৰোগী সজোৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছিল। অৱশেষত যোৰহাটৰ আৰক্ষীয়ে নাবালিকা ভতিজীক “যৌন নিৰ্য্যাতন” চলোৱাৰ অভিযোগত বুধবাৰে গ্ৰেপ্তাৰ কৰে কুলাংগাৰ বৰদেউতাক জনক।

    যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ সংশ্লিষ্ট ধাৰা আৰু পক্স’ (Protection of Children from Sexual Offences) আইন, ২০১২ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

    উল্লেখ  যোগ্য যে, মংগলবাৰে সুস্মিতা বৰঠাকুৰ নামৰ এগৰাকী অধিবক্তাক লগত লৈ যোৰহাট প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই ভয়ংকৰ অভিযোগ উত্থাপন কৰে সাংবাদিক গৌতম শৰ্মাই। পিছত সাংবিদিকজনৰ অভিযোগৰ ভিত্তিত লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    শেহতীয়া বাতৰি