লোকজনৰ নাম ইছলাম উদ্দিন। ঘৰ কৰিমগঞ্জ জিলাৰ কালিগঞ্জত।
লোকজনৰ নাম ইছলাম উদ্দিন। ঘৰ কৰিমগঞ্জ জিলাৰ কালিগঞ্জত।
ছচিয়েল মিডিয়াত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল এইজন লোক। লোকজনৰ নাম ইছলাম উদ্দিন। ঘৰ কৰিমগঞ্জ জিলাৰ কালিগঞ্জত। কালিগঞ্জৰ এটা ৰন্ধন গেছৰ এজেন্সীত মেনেজাৰ হিচাপে কাম কৰি আছিল লোকজনে। ইছলাম উদ্দিনে নিজৰ ফেচবুক একাউণ্টৰ পৰা মঙলবাৰে এক উগ্ৰ সাম্প্ৰদায়িক পোষ্ট কৰি সমাজত বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলাইছিল।
ফেচবুক পোষ্টটোত লোকজনে লিখিছিল –‘‘ অসমৰ সকলো মুছলমান একগোট হৈ মহাৰাষ্ট্ৰৰ দৰে হিন্দুসকলক হত্যা কৰিব লাগে। এয়া আল্লাহৰ আদেশ। সকলো হিন্দুক হত্যা কৰি হিন্দু ছোৱালীক বিয়া পাতি ধৰ্ম পৰিৱৰ্তন কৰি দিব লাগে।’’
এনে ঘটনাৰ পিছতে বিশ্ব হিন্দু পৰিষদৰ অভিযোগৰ ভিত্তিত লোকজনক আটক কৰা হয়।পিছত আজি বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলসহ আন কেইবাটাও সংগঠৰ গোচৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি আদালত হাজিৰ কৰে। আদালতে লোকজনক জে’ললৈ প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|