• Home
  • »
  • News
  • »
  • assam
  • »
  • এজন শিক্ষকৰ কৰ্মকাণ্ডই লজ্জিত কৰিছে ডবকাবাসীক, টুইটাৰৰ ফলোৱাৰ বঢ়াবলৈ কৰিছিল জঘন্য কাম

এজন শিক্ষকৰ কৰ্মকাণ্ডই লজ্জিত কৰিছে ডবকাবাসীক, টুইটাৰৰ ফলোৱাৰ বঢ়াবলৈ কৰিছিল জঘন্য কাম

ডবকাত এজন শিক্ষিত যুৱকৰ জঘন্য কাণ্ড৷ লুঙী, শাড়ী আদি পিন্ধা লোকসকলক টাৰ্গেট কৰি লয় এই বিকৃত মানসিকতাৰ লোকজনে।

ডবকাত এজন শিক্ষিত যুৱকৰ জঘন্য কাণ্ড৷ লুঙী, শাড়ী আদি পিন্ধা লোকসকলক টাৰ্গেট কৰি লয় এই বিকৃত মানসিকতাৰ লোকজনে।

ডবকাত এজন শিক্ষিত যুৱকৰ জঘন্য কাণ্ড৷ লুঙী, শাড়ী আদি পিন্ধা লোকসকলক টাৰ্গেট কৰি লয় এই বিকৃত মানসিকতাৰ লোকজনে।

  • Share this:
আপোনাৰ, মোৰ বা প্ৰায় সকলোৰে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যমত  একাউণ্ট আছে৷ নিজৰ ছচিয়েল হেণ্ডেলত ফলোৱাৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ গঠনমূলক মন্তব্য, সমাজৰ উপকাৰ হ’ব পৰাকৈ ফটো কিম্বা ভিডিঅ’ আপলোড কৰে ব্যৱহাৰকাৰীয়ে৷ যিবোৰ পঢ়ি বা চাই শুভাকাংশীৰ সংখ্যা বৃদ্ধি পায়৷ তাৰ বিপৰীতে আন একাংশ বিকৃত মানসিকতাৰ লোকে বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য অথবা যৌনতাৰ ফটো অথবা ভিডিঅ’ আপলোড কৰি নিজৰ ফলোৱাৰ বৃদ্ধি কৰিবলৈ চেষ্টা চলায়৷ এনে এক ঘটনা সংঘটিত হৈছে হোজাইৰ ডবকাত৷

ডবকাত এজন শিক্ষিত যুৱকৰ জঘন্য কাণ্ড৷ লুঙী, শাড়ী আদি পিন্ধা লোকসকলক টাৰ্গেট কৰি লয় এই বিকৃত মানসিকতাৰ লোকজনে। গোপন কেমেৰাত অশ্লীল ফটো বা ভিডিঅ’ বন্দী কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে। বৰ্তমান আৰক্ষীৰ জালত পৰিছে এই নিকৃষ্ট মানসিকতাৰ লোকজন।

ডবকা নগৰৰ ১নং ৱাৰ্ডৰ বাসিন্দা, শিক্ষিত যুৱক তথা এখন ব্যাক্তিগত বিদ্যালয়ৰ শিক্ষক ফকৰুল ইছলানৰ কৰ্মকাণ্ডত সকলো হতভম্ব হৈ পৰিছে৷ Instagram, টুইটাৰত World old lover নামৰ কেইবাটাও একাউণ্ট খুলি ভাইৰেল কৰিছে অশ্লীল ফটো–ভিডিঅ’। গাঁৱৰ জ্যেষ্ঠ লোক, মহিলা, যুৱক–যুৱতী, স্কুলীয়া ছাত্ৰ–ছাত্ৰী, আনকি মছজিদৰ ইমামলৈকে সাৰি যোৱা নাই তেওঁৰ পৰা। গোপনে আপত্তিজনক ফটো বা ভিডিঅ’ সংগ্ৰহ কৰি আপলোড কৰে ছচিয়েল মিডিয়াত।

কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ! তেওঁৰ টুইটাৰ একাউণ্টত আপলোড কৰা এটা ভিডিঅ’ই বিপদ মাতিলে যুৱকজনৰ। সামাজিক মাধ্যমত আপলোড কৰা এটা অশ্লীল ভিডিঅ’ত যুৱকজনৰ মুখমণ্ডল প্ৰত্যক্ষ কৰাৰ পিছতে ৰাইজৰ ৰোষত পৰে যুৱকজন। ৰাইজে যুৱকজনক ধৰি উত্তম–মধ্যম শোধাই ডবকা আৰক্ষীক গতাই দিয়ে। এই ঘটনাই ডবকাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডবকা আৰক্ষীয়ে যুৱকজনৰ মোবাইল জব্দ কৰি আৰম্ভ কৰিছে তদন্ত৷
Published by:Sanjay Kumar Das
First published: