‘আছু জমিয়তৰ মতে চলে, CAB কি নজনাকৈয়ে আছুৱে কৰিছে আন্দোলন’

News18-Assam
Updated:November 18, 2019, 8:04 PM IST
‘আছু জমিয়তৰ মতে চলে, CAB কি নজনাকৈয়ে আছুৱে কৰিছে আন্দোলন’
মমিনুল আৱাল

ৰাজ্যৰ মুছলমান কংগ্ৰেছী বিধায়কৰ গাত আছে ৰহিংগ্যাৰ তেজ ৷ বিধানসভাত বক্ৰ পথেৰে সোমাইছে বাংলাদেশী বিধায়ক

  • Share this:
বিজেপিৰ এগৰাকী বিতৰ্কিত নেতা, নাম মমিনূল আৱাল! এনে এটা বিষয় নাই য’ত বিজেপিৰ নেতা জনে মন্তব্য নকৰাকৈ থাকে! প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোণামো দখল কৰে বিজেপিৰ এই নেতাজনে। অসমীয়া খিলঞ্জীয়াৰ বাবে ভাবুকি স্বৰূপ বুলি অভিহিত কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰা প্ৰতিবাদক সমালোচনা কৰিছে বিজেপি নেতা মমিনূল আৱালে। আছু জমিয়তৰ মতে চলে বুলি বিস্ফোৰক অভিযোগ উত্থাপিত কৰে বিজেপি নেতাজনে। লগতে আৱালে কয় যে, নাগৰিকত্ব আইন সংশোধনী বিধেয়কত কি আছে নজনাকৈয়ে আন্দোলন কৰিছে আছুৱে। আন্দোলনৰ নামত সৰু সৰু ল’ৰা ছোৱালীক ব্যৱহাৰ কৰিছে বুলিও কয় আৱালে।

ৰহিংগ্যা মুছলমানৰ প্ৰতি দৰদ দেখুৱাই বুলি বৰপেটাৰ সাংসদ আব্দুল খালেককে ধৰি কংগ্ৰেছী বিধায়কক লক্ষ্য কৰি আক্ৰমণ কৰে মমিনুল আৱালে ৷ জনিয়াৰ বিধায়ক হৈ থকা অৱস্থাত বিধানসভা চৌহদত সংবাদ মাধ্যমত আব্দুল খালেকৰ এক মন্তব্যৰ আলম লৈ মমিনুল আৱালে ক'লে ৰহিংগ্যাৰ তেজ আছে মুছলমান কংগ্ৰেছী বিধায়কৰ গাত । লগতে বিধানসভাত বক্ৰ পথেৰে বাংলাদেশী বিধায়ক সোমাইছে বুলি অন্য এটা বিস্ফোৰণ ঘটাই নেতাজনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি