পশ্চিমবংগ চৰকাৰে শীঘ্ৰে ৰূপায়ন কৰিব এখন ব্যতিক্ৰমী আঁচনি। চৰকাৰী কাম-কাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আকৃষ্ট কৰিবলৈ লগতে চৰকাৰী ব্যৱস্থা ভৱিষ্যতৰ দিনত অধিক সৰল কৰি তুলিবলৈ পশ্চিম বংগ চৰকাৰে ষ্টুডেণ্ট ইনটাৰ্ণশ্বীপ স্কীম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। সোমবাৰে এই কথা জনাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
এই আঁচনি অনুসৰি, পঢ়া শেষ কৰিয়েই ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী কাৰ্যালয়ত কাম শিকাৰ সুযোগ লাভ কৰিব। এই আঁচনিৰ জৰিয়তে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ সুবিধা বাঢ়িব বুলি দাবী কৰে মমতা বেনাৰ্জীয়ে।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, যিসকলৰ ঘৰ পশ্চিমবংগত আৰু স্নাতক শিক্ষা শেষ কৰিছে, সেইসকলে ইন্টাৰ্ণশ্বীপ কৰাৰ সুযোগ লাভ কৰিব। এই ইণ্টাৰ্ণশ্বীপৰ সুযোগ পাবলৈ অন্তত ৬০ শতাংশ নম্বৰ পাব লাগিব।
এই আঁচনিৰ জৰিয়তে বছৰি ৬০০০ শিক্ষাৰ্থীক সামৰি লোৱা হ'ব। লগতে মাহে ৬ হাজাৰকৈ পাৰিশ্ৰমিক প্ৰদান কৰিব পশ্চিমবংগ চৰকাৰে। সৰ্বাধিক চল্লিশ বছৰ পৰ্যন্ত এই ইণ্টাৰ্ণশ্বীপৰ বাবে আবেদন কৰিব পাৰিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 31, 2022, 21:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।