বোকাখাতৰ মামন বড়োয়ে নিজৰ জন্মদিন উপলক্ষে এই লোকসকলক এসাঁজ আগবঢ়োৱাৰ লগতে আৰক্ষী বিষয়া সকলকো নিজে বোৱা একোখনকৈ গামোচাৰে আদৰণি জনায়৷
বোকাখাতৰ মামন বড়োয়ে নিজৰ জন্মদিন উপলক্ষে এই লোকসকলক এসাঁজ আগবঢ়োৱাৰ লগতে আৰক্ষী বিষয়া সকলকো নিজে বোৱা একোখনকৈ গামোচাৰে আদৰণি জনায়৷
সাম্প্ৰতিক সময়ত ভয়ংকৰ কভিড ১৯ৰ সংক্ৰমণৰ গৰাহত পৰিছে বোকাখাত মহকুমা। গণ সংক্ৰমণ ৰোধৰ বাবে সম্পূৰ্ণ বোকাখাত মহকুমা কণ্টেইনমেণ্ট জ'নত আছে। এই সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসন, স্বাস্থ্য বিভাগে চলোৱা যৎপৰোনাস্তি চেষ্টাত বহু সচেতন ব্যক্তি, সাংবাদিক, সংস্থা, অনুষ্ঠান আদিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই অহা দেখা গৈছে ৷ এনে সহযোগিতাৰ দৃষ্টান্ত আজিও দেখা পোৱা গ’ল বোকাখাতৰ আৰক্ষী থানাত ৷ সমাজৰ বিভিন্ন ব্যক্তিক বিভিন্ন সময়ত সততে সহায়ৰ হাত আগবঢ়াই অহা এনে এগৰাকী যুৱতী হৈছে নুমলীগড়ৰ সফল ব্যৱসায়ী,উদ্যমী কৃষক, সমাজসেৱক তথা এগৰাকী কবি মামন বড়ো ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ হৈও নিজে ট্ৰেক্টৰ চলাই খেতি কৰা, নিজ হাতেৰে কাপোৰ বোৱা, মৎস্য পালন কৰাকে ধৰি পৰৱৰ্তী সময়ত শিল-বালি-ইটাৰ ব্যৱসায়তো নামি পৰি আজি সফল ব্যৱসায়ী হিচাপে পৰিগণিত হৈছে মামন ৷ উচ্চশিক্ষিতা মামনে পিতৃৰ বিয়োগৰ পাছত অশেষ ধৈৰ্য্য আৰু কষ্টৰে সফল হৈছে। আজি জন্মদিনত বৰ্তমান সময়ত কৰ্তব্যৰ খাতিৰত খোৱা-বোৱা কৰিবলৈও সময় নোপোৱা বোকাখাত আৰক্ষী থানাৰ আৰক্ষী সকলৰ লগতে বোকাখাতত নিয়োজিত প্ৰথম শ্ৰেণীৰ ক'ভিড যোদ্ধা অসম আৰক্ষী, গৃহৰক্ষী আৰু সেনা জোৱানসকলৰ বাবে দুপৰীয়াৰ এসাঁজৰ ব্যৱস্থা কৰে।
সম্প্ৰতি গোলাঘাট জিলাৰ লগতে বোকাখাত মহকুমাও সম্পূৰ্ণ লক-ডাউনত থকাৰ বাবে বোকাখাতৰ অত্যাৱশ্যকীয় ব্যৱসায় প্ৰতিষ্ঠানক বাদ দি হোটেল আৰু আন সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাত আৰক্ষী, গৃহৰক্ষী আৰু সেনা জোৱান সকলে সময়ত আহাৰ গ্ৰহণ নকৰাকৈও জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ কৰ্তব্য ৰূপায়ণত ব্যস্ত আছে। সেয়েহে মামন বড়োয়ে নিজৰ জন্মদিন উপলক্ষে এই লোকসকলক এসাঁজ আগবঢ়োৱাৰ লগতে আৰক্ষী বিষয়া সকলকো নিজে বোৱা একোখনকৈ গামোচাৰে আদৰণি জনায়৷ বোকাখাতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে থকা আৰক্ষী থানাৰ সন্মুখত, বোকাখাতস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ সন্মুখত আৰু বি ডি এম ৰ'ডৰ লগতে বিভিন্ন স্থানত কৰ্তব্যৰত আৰক্ষী আৰু সেনা জোৱান সকলক সম্পূৰ্ণ কভিড প্ৰট’কল মানি দুপৰীয়াৰ এসাঁজ আগবঢ়ায়
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|