• Home
  • »
  • News
  • »
  • assam
  • »
  • Kiren Rijiju in Bongaigaon : বৰপেটা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱত কিৰেন ৰিজিজু, উলিয়ালে মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰসংগও

Kiren Rijiju in Bongaigaon : বৰপেটা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱত কিৰেন ৰিজিজু, উলিয়ালে মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰসংগও

অসমে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন গতি লাভ কৰা বুলি মন্তব্য

অসমে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন গতি লাভ কৰা বুলি মন্তব্য

অসমে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন গতি লাভ কৰা বুলি মন্তব্য

  • Share this:
'মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছ দলৰ সভাপতি হিচাপে জিকিলেও লাভ নাই ৷ কংগ্ৰেছ দল আগৰ দৰে সেই একেটা পৰিয়ালেই চলাই যাব ৷' –আজি বঙাইগাঁৱত উপস্থিত হৈ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ ৷

কংগ্ৰেছৰ সভাপতি পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত মল্লিকাৰ্জুন খাৰ্গে জয়লাভ কৰিলেও দল পুনৰ শক্তিশালী হৈ ক্ষমতালৈ আহিব নোৱাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে মন্তব্য কৰে ৷ বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদ মেলত ৰিজিজুৱে কয়– ''মল্লিকাৰ্জুন খাৰ্গেক মই ভালদৰে জানো ৷ লোকসভাত আমি একেলগে আছিলোঁ ৷ কিন্তু পিছত তেওঁ ৰাজ্যসভালৈ যায় ৷ কংগ্ৰেছ দলৰ নিৰ্বাচনত খাৰ্গে সভাপতি নিৰ্বাচিত হ’লেও দলৰ একো পৰিৱৰ্তন নহয় ৷ কাৰণ দলটো আগৰ দৰে এটা পৰিয়ালেই চলাই যাব ৷ এই পৰিয়ালটোৰ কোনো 'এবিলিটি ' নাই ৷

''আজিকালি মিছা কথা কৈ, মিছা শ্লোগান দি নিৰ্দিষ্ট পৰিয়ালৰ লিগেচী ডাটা ব্যৱহাৰ কৰি ভোট লাভ কৰিব নোৱাৰে ৷ চৰকাৰ গঠনৰ আগতে দলে ৰাইজৰ হৈ কাম কৰিবই লাগিব ৷'' ইফালে কংগ্ৰেছ দল একেবাৰে শেষ হৈ যোৱা বুলি উল্লেখ কৰি ৰিজিজুৱে কংগ্ৰেছৰ বিষয়ে চৰ্চা কৰি কোনো লাভ নাই বুলি কয় ৷

তেওঁ কয় যে কংগ্ৰেছ দলৰ এতিয়া উদ্দেশ্য-লক্ষ্য একো নাই ৷ সমগ্ৰ দেশতে কংগ্ৰেছৰ অধ্যায় শেষ হৈ গৈছে ৷ এই দলটো আকৌ  চৰকাৰলৈ উভতি আহিব নোৱাৰে ৷ গতিকে দলে পুনৰ চৰকাৰ গঠনৰ সপোন দেখি লাভ নাই ৷ আনহাতে এআইইউডিএফৰ দৰে দলক একাংশ লোকে কিয় ভোট দিয়ে বুলি প্ৰশ্ন উত্থাপন কৰি ৰিজিজুৱে কয় যে এআইইউডিএফ দলে ৰাইজৰ কেতিয়াও উন্নয়ন কৰিব নোৱাৰে ৷

একেদৰে দলটোৱে ৰাইজৰ উন্নয়নো কৰিব নোৱাৰে ৷ অসমৰ ৰাইজৰ ভৱিষ্যত সুৰক্ষিতও কৰিব নোৱাৰে বুলি উল্লেখ কৰি কয় এআইইউডিএফক ভোট দিয়া  মানে ভোটটো ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াহে হয় ৷ ইমান কষ্ট কৰি ভোট কেন্দ্ৰত ভোট দি শেষত গৈ এনে যোৱা পৰিলক্ষিত হয় ৷ এআইইউডিএফ–কংগ্ৰেছ দলক ভোট দিয়াত কৈ নিদিয়াকৈ থকাই ভাল ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত উন্নয়নৰ গতি ত্বৰান্বিত হোৱা বুলি উল্লেখ কৰি অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন গতি লাভ কৰা বুলি মন্তব্য কৰে৷ আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক জয়যুক্ত কৰাৰ বাবে তেওঁ আহ্বান জনাই কয়– বিজেপিৰ নেতৃত্বত দেশত উন্নয়ন হৈছে ৷ গতিকে বেলেগ দলক জিকালে সমষ্টিৰ উন্নতি নহ'ব ৷ বেলেগ দলৰ সাংসদ জিকা মানে অঞ্চলটো উন্নয়ন নহ’ব ৷ ৰাইজৰ লোকচান হ’ব ৷ গতিকে বিজেপিক পুনৰবাৰ ৰাইজে ভোট দি জয়যুক্ত কৰা উচিত ৷

উল্লেখ্য যে আগন্তুক বৰপেটা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱত আজি তিনি দিনীয়া সাংগঠনিক কাৰ্যসূচী লৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু উপস্থিত হৈছে  ৷ বিয়লি জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা ক’ৰ কমিটি , জিলা আৰু মণ্ডলসমূহৰ বিষয়ববীয়া , বুথ সমিতি আদিৰে পৃথকে বৈঠকত মিলিত হয় ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি