মহানগৰীৰ মালিগাঁৱৰ এগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ
মহানগৰীৰ মালিগাঁৱৰ এগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ
মহানগৰীৰ মালিগাঁৱৰ এগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ। ল’ক ডাউনৰ সময়ত জুবলি পদ্দাৰ বৈশ্য নামৰ মহিলাগৰাকী এতিয়া থিয় হৈছে দুৰ্গত লোকসকলৰ কাষত। কোৰোণা সংক্ৰমণ ৰোধৰ বাবে দেশত চলি থকা ল’কডাউনৰ সমছোৱাত দুখীয়া লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে এইগৰাকী উদ্যোগী মহিলাই।
মহিলাগৰাকীয়ে পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ ৰাণী, মৈৰিপুৰ, জয়ন্তীপুৰ, মহানগৰীৰ ধাৰাপুৰ, গড়ল, ভট্টাপাৰা আদি অঞ্চলৰ প্ৰায় ৫০০ দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী। নিঃস্বাৰ্থভাৱে দুখীয়া লোকসকলৰ কাষত ঠিয় হবলৈ আগবাঢ়ি অহা এই মহিলাগৰাকীয়ে পশ্চিম গুৱাহাটীৰ লগতে পলাশবাৰী দুখীয়া লোকসকলকো সহায় কৰিব বুলি জানিবলৈ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|