মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আৰক্ষীৰ জালত ইৰাণী গোটৰ দুই চিলনী চোৰ, লগত ১২ বছৰীয়া কিশোৰো

আৰক্ষীৰ জালত ইৰাণী গোটৰ দুই চিলনী চোৰ, লগত ১২ বছৰীয়া কিশোৰো

News18 Assam | News18-Assam
Updated:July 13, 2021, 9:38 PM IST
আৰক্ষীৰ জালত ইৰাণী গোটৰ দুই চিলনী চোৰ, লগত ১২ বছৰীয়া কিশোৰো
মালিগাঁও, জালুকবাৰী, গড়চুক আদি অঞ্চলতো বৃদ্ধি পাব ধৰিছে ইৰাণী গোট সদস্য তথা চিলনী চোৰৰ সংখ্যা।

মালিগাঁও, জালুকবাৰী, গড়চুক আদি অঞ্চলতো বৃদ্ধি পাব ধৰিছে ইৰাণী গোট সদস্য তথা চিলনী চোৰৰ সংখ্যা।

  • Share this:

গুৱাহাটী মহানগৰীত এতিয়া জনসাধাৰণৰ নিদ্ৰাহৰণ কৰিছে একাংশ দুৰ্বৃত্তই। কাৰণ মহানগৰীৰ চুকে–কোণে এতিয়া পিয়াপি দি ফুৰিছে দুৰ্ধৰ্ষ ইৰাণী গোটৰ সদস্যই।মঙলবাৰে মহানগৰ আৰক্ষীৰ জালত পৰিল ইৰাণী গোটৰ ২টা সদস্য তথা চিলনী চোৰ। আৰক্ষীয়ে আটক কৰা সদস্যকেইটা ক্ৰমে নাগেশ্বৰ নুনীয়া আৰু শুভম কুমাৰ মাহাতো আৰু দুয়োৰে ঘৰ ঝাৰখণ্ডত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দুয়োৰে লগতে আৰক্ষীয়ে এটি ১২ বছৰীয়া কিশোৰকো আটক কৰিছে।


এক গোপন সূত্ৰ তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গড়চুক থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৯২ নং ধাৰাৰ অধীনত ৰুজু হৈ থকা ৪৩২/২১ নং গোচৰৰ সংক্ৰান্তত দুয়োকে আটক কৰিছে। মন কৰিবলগীয়া কথা যে বিগত কিছুদিন ধৰি মহানগৰীৰ আন আন ঠাইৰ লগতে মালিগাঁও, জালুকবাৰী, গড়চুক আদি অঞ্চলতো বৃদ্ধি পাব ধৰিছে ইৰাণী গোট সদস্য তথা চিলনী চোৰৰ সংখ্যা।


এইসকল দুৰ্বৃত্তই দুচকীয়া বাহনত উঠি আহি জনসাধাৰণৰ ধনৰ বেগ, আ-অলংকাৰ আদি কাঢ়ি নি একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছে। পশ্চিম গুৱাহাটী আৰক্ষীয়ে ইতিমধ্যে এই গোটৰ বহুকেইটা সদস্যক আটক কৰিবলৈ সক্ষম হৈছে। আনকি কিছুদিন পূৰ্বে  এজন সদস্যই আৰক্ষীৰ জালৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰি গুলীবিদ্ধও হৈছিল। গুলীবিদ্ধ চোৰটোৱে মালিগাঁৱৰ গোশালাত এজন ব্যৱসায়ীৰ ধনৰ বেগ কাঢ়িবলৈ চেষ্টা কৰিছিল।

Published by: Gautam Barman
First published: July 13, 2021, 9:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি