১ ডিচেম্বৰৰ পৰা বৰপেটাত অনুষ্ঠিত ৩০ সংখ্যক ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱত (Rangghar National Drama Festival) শনিবাৰে নিশা বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাৰ্কাণ্ড দেশপাণ্ডেৰ অঞ্চ থিয়েটাৰ গ্ৰুপে মঞ্চস্থ কৰে 'ছাৰ ছাৰ চৰলা' নামৰ বিখ্যাত নাটখন৷ বোলছবিৰ লগতে মঞ্চ জগতৰ প্ৰসিদ্ধ অভিনেতা হিচাপে পৰিচিত মাৰ্কাণ্ড দেশপাণ্ডেৰ 'ছাৰ ছাৰ চৰলা'ই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে ৷
ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাই মাৰ্কাণ্ড দেশপাণ্ডেৰ 'ছাৰ ছাৰ চৰলা' চাই অভিভূত হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে ৰংঘৰৰ হৈ তেওঁ নাটখনৰে জড়িত শিল্পীসকলক সম্বৰ্ধনা জনায় ৷
নাটখনৰ সামৰণিৰ পিছতে জিলা পুথিভঁৰাল বাকৰিৰ মুকলি মঞ্চত সাংবাদিক আৰু দৰ্শকৰ সৈতে মত বিনিময় অনুষ্ঠানত মাৰ্কাণ্ড দেশপাণ্ডেৰ সৈতে সহশিল্পীসকলেও অংশ লয় ৷ মত বিনিময় অনুষ্ঠানত অংশ লৈ মাৰ্কাণ্ড দেশপাণ্ডেই বৰপেটাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷
বৰপেটালৈ আহি তেওঁ অত্যন্ত সুখী বুলি প্ৰকাশ কৰি কয়- ''মই বৰপেটাক নাজানো, কিন্তু বৰপেটীয়াক জানো ৷'' আনকি তেওঁৰ সৈতে অহা থিয়েটাৰ গ্ৰুপটোৰ সৈতে জড়িত কলা-কুশলীসকলে বৰপেটাৰ মানুহৰ নাটকৰ প্ৰতি থকা ভালপোৱা, সৰল সমৰ্থন আৰু ৰংঘৰৰ সৈতে জড়িত মানুহবোৰক লৈ কৰা মন্তব্যক লৈ অতি সুখী বুলি মন্তব্য কৰে ৷
তেওঁ কয়- বৰপেটাখন বিখ্যাত নহ'ব পাৰে, কিন্তু মোৰ বাবে বৰপেটা বহুত ডাঙৰ ৷ বৰপেটাৰ বহল মনৰ মানুহৰ মৰম ঘৰলৈ বহন কৰি লৈ যাব বুলিও ব্যক্ত কৰে প্ৰসিদ্ধ নাট পৰিচালক তথা অভিনেতাগৰাকীয়ে।
মাৰ্কাণ্ড দেশপাণ্ডেই দৰ্শকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত নিজৰ ৫৬ বছৰীয়া জীৱনকালত খেলুৱৈ হিচাপে জীৱন আৰম্ভ কৰি খেলৰ পৰা অৱসৰ আৰু তাৰ পিছত বোলছৱিত অভিনয়, নাটক, পৰিচালনা আৰু লেখা-মেলাৰ সৈতে জড়িত হৈ পৰাৰ কথা প্ৰকাশ কৰে ৷ ইয়াৰ মাজতে মণিপুৰৰ প্ৰসিদ্ধ নাট পৰিচালক, নাট্যকাৰ ৰতন থিয়ামক থিয়েটাৰৰ মহৰ্ষি বুলি অভিহিত কৰে মাৰ্কাণ্ড দেশপাণ্ডেই ৷
ইপিনে আজি নিশা গুৱাহাটীৰ স্বাধীন থিয়েটাৰ দলে অসমীয়া নাচ 'তোমাৰ নিবিড় মায়াৰে' মঞ্চস্থ কৰিব৷ ইপিনে ৰংঘৰ নাট মহোৎসৱত এইবেলি প্ৰথমবাৰৰ বাবে বিদেশৰ দলেও অংশ ল'ব৷ লেটিন আমেৰিকাৰ দেশ উৰুগুৱেৰ পৰা অহা এমাৰেছ থিয়েট্ৰ' দলে আজি নিশা নিবেদন কৰিব ''ৰিঅ'' নামৰ নাটখন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|