'হেল্ল, গুড মৰ্ণিং, মই MLA ড০ অমিয় ভূঞা, বিহপুৰীয়া। মানুখিনি হাৰাশাস্তি নকৰিব। মোৰ এৰিয়াৰ মানুহ। মিচিং মানুহ, আপুনি নিশ্চয় জানে, সেইসকল মানুহ কেনেকৈ চলে। মানুহখিনি হাৰাশাস্তি নকৰিব। কাক কথা কৈছে ঐ, জানেনে নাই মই কোন?'-এনেদৰে এইবাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াক ধমক দিলে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই।
লগে লগে বিধায়কজনক উভতি ধৰে জোনমণি ৰাভা নামৰ মহিলা আৰক্ষী বিষয়াগৰাকীয়ে। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, 'আপুনি এনেকৈ এইটো সুৰত কথা কৈছে যে, আপুনি চৰকাৰক কি উত্তৰ দিব? মন্ত্ৰী বিধায়ক হৈ এনেকৈ কথা কৈছে যে? আপোনালোকেই নিয়ম নিৰ্ধাৰণ কৰি আমাক ভংগ কৰিবলৈ দিলে কেনেকৈ হ'ব? মিচ বিহেভ নকৰিব। মোৰ এছ পিৰ সৈতে আপুনি কথা পাতক।'
বিহপুৰীয়া সমষ্টিৰ পৰা মাজুলীলৈকে ধূনাগুৰি ঘাট আৰু চেনীমৰা ঘাটেৰে নিষেধাজ্ঞা আৰোপ কৰাৰ স্বত্তেও এটা ইঞ্জিনৰ নাও চলাচল কৰি আছিল। নিষেধাজ্ঞা উলংঘা কৰি একাংশ ৰাজনৈতিক আশীৰ্বাদপুষ্ট লেচীয়ে মইমতালিৰে নাও চলাই আছিল। সেই নাৱত নাছিল পৰ্যাপ্ত লাইফ জেকেট, অত্যাধিক যাত্ৰী আৰু বাহন উঠাইছিল। আৰু আৰক্ষী বিষয়াগৰাকীয়ে সাহসেৰে সোৱনশিৰি নদীৰ বুকুত খেদি খেদি আটক কৰিছিল একাংশ লেচীক লগতে জব্দ কৰিছিল নাওসমূহ। আৰু তেতিয়াও বিধায়ক অমিয় ভূঞা ক্ষুব্ধ হৈ উঠে মাজুলীৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।
কিন্তু বিধায়কৰ এই ধমকে কোনো কাম নিদিলে আইনী প্ৰক্ৰিয়াত। আৰক্ষীয়ে কৰি গ'ল নিজৰ কাম। উল্লেখ্য যে, এই ঘটনাটো কেইমাহ মান আগৰ। মাজুলীত নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতে ৰাজ্যজুৰি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল এটা ইঞ্জিনৰ নাও চলাচলৰ ক্ষেত্ৰত। তেতিয়াই ধুনাগুড়ি ঘাটত আৰক্ষী বিষয়াগৰাকীয়ে নাও জব্দ কৰাত এনেদৰে বিধায়ক ভূঞাৰ ধমক শুনিবলগীয়া হৈছিল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 16, 2022, 13:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।