মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাজুলীৰ সত্ৰত কান্দোনৰ ৰোল…সত্ৰাধিকাৰ প্ৰভুৰ প্ৰয়াণত মৰ্মাহত বৈষ্ণৱ সমাজ

মাজুলীৰ সত্ৰত কান্দোনৰ ৰোল…সত্ৰাধিকাৰ প্ৰভুৰ প্ৰয়াণত মৰ্মাহত বৈষ্ণৱ সমাজ

News18 Assam | News18-Assam
Updated:August 12, 2020, 10:43 AM IST
মাজুলীৰ সত্ৰত কান্দোনৰ ৰোল…সত্ৰাধিকাৰ প্ৰভুৰ প্ৰয়াণত মৰ্মাহত বৈষ্ণৱ সমাজ
গুৱাহাটীৰ নেমকেয়াৰ হস্পিতেলত মঙলবাৰে পুৱা ১০.৩০ বজাত ইহ লীলা সম্বৰণ কৰে।

গুৱাহাটীৰ নেমকেয়াৰ হস্পিতেলত মঙলবাৰে পুৱা ১০.৩০ বজাত ইহ লীলা সম্বৰণ কৰে।

  • Share this:
মঙলবাৰে পুৱাই বিয়পি পৰা এটা খবৰে শোকাকুল কৰি তোলে ৰাজ্যবাসীক৷ সঁচাকৈ এটা যুগৰ অন্ত পৰিল, এজোপা বঁটবৃক্ষ উভালি পৰিল ৷ অভিভাৱক বিহীন হৈ পৰিল বৈষ্ণৱ সমাজ ৷ মাজুলীৰ শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ  গুৱাহাটীৰ নেমকেয়াৰ হস্পিতেলত মঙলবাৰে পুৱা ১০.৩০ বজাত ইহ লীলা সম্বৰণ কৰে।

কিছুদিনৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে অসমৰ বাহিৰত চিকিৎসা গ্ৰহণ কৰি কিছু সুস্থ হৈ উঠি মাজুলীৰ নিজ সত্ৰলৈ ঘুৰি আহিছিল যদিও শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল সত্ৰাধিকাৰ গৰাকীৰ।
তাৰ পৰিপ্ৰেক্ষিতত যোৱা ৫ জুন তাৰিখে যোৰহাটস্থিত কমলাবাৰী শাখা সত্ৰত থকা সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ খবৰ পাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি  সত্ৰাধিকাৰ গৰাকীক যোৰহাট মেডিকেল কলেজৰ আই চি ইউ ত ভৰ্তি কৰিছিল যদিও পিছলৈ তেওঁক গুৱাহাটীৰ নেমকেয়াৰত  ভৰ্তি কৰে ৷

মঙলবাৰে ৰাজ্যবাসীক কন্দুৱাই  ইহলীলা সম্বৰণ কৰে সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীয়ে৷ মাত্ৰ ৮ বছৰ বয়সতে মাজুলীৰ নতুন কমলাবাৰী সত্ৰলৈ অহা নাৰায়ন চন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল ঐতিহাসিক চামগুৰি সত্ৰত৷ ৰোষেশ্বৰ দেৱ গোস্বামীৰ কনিষ্ঠ পুত্ৰ নাৰায়ন চন্দ্ৰ গোস্বামীয়ে ১২ বছৰ বয়সত ডেকা সত্ৰাধিকাৰৰ নিৰ্মালি লৈছিল৷ তেখেতৰ গুণৰাজি, সৃষ্টিৰাজিৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি৷ উল্লেখযোগ্য যে, একেধাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা, শংকৰদেৱ শিল্প সাধনা বঁটা, চন্দ্ৰ কান্ত হীৰা প্ৰভা বঁটা, মাখন প্ৰসাদ দুৱৰা বঁটা, জীৱন জোৰা সাধনা বঁটা, গুৰু শংকৰ মাধৱ বঁটা, কৃষ্ণ নন্দন দুৱৰা বঁটা, সত্ৰৰত্ন, সংস্কৃতি ভূষন আদি কুৰিৰো অধিক বঁটা বাহনৰ লগতে সাহিত্যিক পেঞ্চন লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ এটি মুকুতা শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ মৃত্যুৰ খবৰে  শোকৰ ছাঁ পেলাইছে ৰাজ্যত।

তেখেতৰ সৃষ্টিৰাজীৰ ভিতৰত আছিল বহু গ্ৰন্থ৷ শ্রী শ্রী গোস্বামী প্ৰভুৰ নিৰৱছিন্ন সাধনাৰ ফলশ্ৰুতিত অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতলৈ অনবদ্য সুদূৰ প্রসাৰী অৱদান হ'ল,

১। সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা (১২শ পৃষ্ঠা, ১৯৮৪ চন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তর্ভুক্ত)।

২। ব্ৰজাৱলী ভাষাৰ ব্যাকৰণ আৰু অভিধান, ৯৩ চন।

৩। অসমত ভাওনাৰ পৰম্পৰা, ৯১ চন।

৪। গুৰু কোন, ৯৬ চন।

৫। কীৰ্তনঘোষা আৰু নামঘোষাৰ তত্ত্বাৰ্থ সমীক্ষা, ৯৬ চন।

৬। শংকৰী ধৰ্ম সংস্কৃতিৰ অন্তৰ্জল, ৭৪ চন।

৭। দামোদৰ দেৱৰ গুৰু কোন, ৭৭ চন।

৮। অস্পৃশ্যতা বৰ্জন, ৬৭ চন।

৯। শ্রীমন্ত শংকৰদেৱৰ সাহিত্যৰ মৌলিকতা বিচাৰ, দুটা খণ্ড, ২০০৯ আৰু ২০১০ চন।

১০। মহাপুৰুষ শংকৰদেৱ আৰু হৰিদেৱ, ২০০৫ চন।

১১। অসমৰ শ্ৰাদ্ধবিধি বিশ্বাস আৰু বিস্ময়, ২০১৮ চন।

১২। শ্রী নাৰায়ণ চন্দ্র গোস্বামী প্ৰবন্ধাৱলী, চাৰিটা খণ্ড।

১৩। অংকীয়া নাটৰ গদ্যানুবাদ, ২০১০ চন।

১৪। সত্ৰীয়া নৃত্যৰ ব্যাকৰণ আদি কুৰিখনতকৈয়ো অধিক গ্ৰন্থ ৰচনা কৰে।

সম্পাদিত গ্ৰন্থ:

১। কীৰ্তনঘোষা আৰু নামঘোষা (১-ক) প্ৰাচীন লিপিত ১৯৯২ চন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তর্ভুক্ত (১-খ) আধুনিক লিপিত।

২। বৰগীত।

৩। বাৰছোৱা অংকীয়া নাট।

৪। শ্রী মদভাগৱত (পদ্যানুবাদ)।

৫। শংকৰদেৱৰ ৰচনাৱলী।

৬। মাধৱদেৱৰ ৰচনাৱলী।

৭। সচিত্র অংকাৱলী।

৮। ফৌজীয়া নাট।

৯। বাল্মীকি ৰামায়ণৰ পদ্যানুবাদ।

১০। শ্রী মদভাগৱত গীতা ইত্যাদি।

নাটক:১। নৰকাসুৰ বধ।

২। গয়াসুৰৰ হৰি পাদপদ্ম লাভ।

৩। অৱন্তী উদ্ধাৰ।

৪। ৰাসলীলা।

৫। প্ৰহ্লাদৰ বৈকুণ্ঠ অভিযান।

৬। অন্ধকাসুৰ বধ।

৭। দ্বাপৰৰ দৰ্প চূৰ্ণ।

৮। ৰাম-হনুমানৰ যুদ্ধ।

৯। উষা অনিৰুদ্ধ।

কবিতা পুথি:১। নামঘৰৰ দুৰ্দশা

২। ভকতৰ ভণ্ডামী, আদি।
জনকল্যাণ মূলক কাম:

(ক) 'শংকৰী কলা-কৃষ্টি বিকাশ সমিতি' নামৰ অনুষ্ঠান গঠন (১৯৭৩)

(খ) যোৰহাট ত চাহ বাগিচা স্থাপন আৰু চাহ বাগিচা কৰ্মীৰ কল্যাণাৰ্থে 'শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্র' গঠন (১৯৭৭)

(গ) মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয় স্থাপন (১৯৮১)

(ঘ) শংকৰী নাট্য-নৃত্য কলা মন্দিৰ নামেৰে প্ৰেক্ষাগৃহ প্ৰতিষ্ঠা (১৯৯৩/৯৪

(ঙ) সত্ৰৰ দুটি দুমহলীয়া অতিথিশালা নিৰ্মাণ

(চ) শংকৰ জ্যোতি পুথিভঁৰাল নিৰ্মাণ (২০০২) ইত্যাদি বহুতো উন্নয়ন মূলক কামত আত্মনিয়োগ কৰে।
সাংস্কৃতিক কাৰ্য্যক্ৰমণিকা:  অসমৰ ওপৰিউ ভাৰতৰ বিভিন্ন প্ৰদেশ যেনে দিল্লী, উত্তৰ প্ৰদেশ, ওড়িশা, তামিলনাড়ু, কেৰালা, মধ্যপ্ৰদেশ, পঞ্জাৱ, মেঘালয় আদিত সংগীত নাটক প্ৰদৰ্শন। গুৱাহাটী, ডিব্ৰুগড়, ওড়িশাৰ আকাশবাণী কেন্দ্ৰত নাটক, নাম-প্ৰসঙ্গ বাণীৱদ্ধ কৰণ, ভূতপূর্ব ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলি আহমেদ দেৱৰ বদান্যতাত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত 'ৰামবিজয়' অংকীয়া ভাওনা প্ৰদৰ্শন, সদৌ অসম অংকীয়া ভাওনা সমাৰোহ ২০০৯ আৰু ২০১০ ইত্যাদি। অসমীয়া সাহিত্য সমাজ, বৈষ্ণৱ সমাজ উকা কৰি গলকৈ সেইজন মহান গুৰু৷ গুণমুগ্ধই অশ্ৰু অঞ্জলি দিবলৈ ভিৰ কৰিছে সত্ৰত।
First published: August 12, 2020, 10:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি