உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'মা-দেউতা আকৌ কেতিয়া ঘূৰি আহিব আইতা?- আইতাকৰ চকুতো কেৱল চকুপানী! মাত্ৰ  ৯ দিনৰ ভিতৰতে পিতৃ-মাতৃক হেৰুৱালে মাজুলীৰ ৪ বছৰীয়া কণমানি অংকুৰে!

    'মা-দেউতা আকৌ কেতিয়া ঘূৰি আহিব আইতা?- আইতাকৰ চকুতো কেৱল চকুপানী! মাত্ৰ  ৯ দিনৰ ভিতৰতে পিতৃ-মাতৃক হেৰুৱালে মাজুলীৰ ৪ বছৰীয়া কণমানি অংকুৰে!

    মাত্ৰ চাৰি বছৰ বয়সতে পিতৃ-মাতৃয়ে চিৰদিনৰ বাবে এৰি থৈ গ'ল মৰমলগা অকণমাণি অংকুৰক।

    মাত্ৰ চাৰি বছৰ বয়সতে পিতৃ-মাতৃয়ে চিৰদিনৰ বাবে এৰি থৈ গ'ল মৰমলগা অকণমাণি অংকুৰক।

    মাত্ৰ চাৰি বছৰ বয়সতে পিতৃ-মাতৃয়ে চিৰদিনৰ বাবে এৰি থৈ গ'ল মৰমলগা অকণমাণি অংকুৰক।

    • Share this:
    কাৰ জীৱনলৈ কেতিয়া কি দুৰ্যোগ নামি আহে কোনে জানে! জীৱনৰ বিভিন্ন অভিজ্ঞতা আমাৰ সমাজত বিদ্যমান। কিন্তু কিছুলোকৰ ক্ষেত্ৰত কেতিয়াবা এনে কিছু ঘটনা সংঘটিত হ'য় যে, মানৱপ্ৰেমী সকলোকে কন্দুৱাই। তেনে এক ঘটনাই সংঘটিত হ'ল মাজুলীৰ অংকুৰ নামৰ এটি কনমাণিৰ ক্ষেত্ৰত।

    পিতৃ-মাতৃক কমবয়সতে হেৰুৱাই নিথৰুৱা হোৱা অংকুৰৰ কৰুণগাথাই এতিয়া কন্দুৱাইছে সকলোকে। মাজুলীৰ দক্ষিণপাট দীঘলিগাঁৱৰ মৰমলগা অংকুৰ শইকীয়া নামৰ এটি ৪ বছৰীয়া শিশুৱে ৯ দিনৰ অগা-পিছাকৈ পিতৃ-মাতৃৰ বুকুৰ উমৰ পৰা চিৰদিনৰ বাবে বঞ্চিত হ'ল।

    পিতৃ ৰিতুমনি শইকীয়া আৰু মাতৃ জোনমণি শইকীয়া ক হেৰুৱাই পখিলাখেদা বয়সতে নিথৰুৱা হৈ পৰিল অংকুৰ। মাজুলীৰ দক্ষিনপাট দীঘলীগাঁৱৰ ৪ জনীয়া পৰিয়ালটোত আছিল অংকুৰৰ পিতৃ-মাতৃ আৰু আইতাক। কিন্তু পৰিয়ালটোলৈ হঠাতে নামি আহিল এজাক ধুমুহা।

    নিয়তিৰ চৰম পৰিহাস! ৯ দিনৰ অগা-পিছাকৈ পিতৃয়ে অচিন ৰোগ আৰু মাতৃয়ে যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে। এতিয়া নিথৰুৱা কণমানি অংকুৰৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছে। চিন্তিত হৈ পৰিছে গাওঁবাসী। বৃদ্ধা আইতাকৰ বাদে কোনো নাই কণমানি অংকুৰৰ কাষত।

    আইতাকে বুকুৰ মাজত লৈ অংকুৰে পিতৃ-মাতৃক বিচাৰি কৰা প্ৰশ্নৰ উত্তৰত মাথো চকুপানী টোকাৰ বাহিৰে কৰিব পৰা একো নাই। মৃত্যু বুজি নোপোৱা অংকুৰক পিতৃ-মাতৃক বিচাৰি কৰা প্ৰশ্নৰ উত্তৰ  আইতাকে দিব নোৱাৰে। আইতাকে চিন্তা কৰিছে অংকুৰৰ ভৱিষ্যতৰ বাবে।

    বৃদ্ধা আইতাকৰ পাছত কি হ'ব অংকুৰৰ? পাৰিবনে জীৱন যুদ্ধত আগবাঢ়ি যাব অংকুৰ, পাবনে কোনো সহায়ৰ হাত? নি:সহায় পৰিয়ালটোক সহায়ৰ বাবে বৰ্ত্তমান  হৃদয়বান লোকৰ আৱশ্যক। হৃদয়বানৰ পৃথিৱীত অংকুৰলৈ সহায়ৰ হাত আগবঢ়াবলৈ নিশ্চিত ভাবে ওলাব মানবদৰদী লোক। সকলোৰে বিশ্বাস অকনমান সহায় পালে অংকুৰ এদিন এপাহ সুন্দৰ ফুল হৈ জিলিকি উঠিব।
    Published by:Himangshu Bhuyan
    First published: