মাজুলীত সত্ৰাধিকাৰৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি ক্ষমা খুজিলে কমলাকান্ত বৰা নামৰ এইজন লোকে

News18 Assam | News18-Assam
Updated:June 7, 2021, 8:27 AM IST
মাজুলীত সত্ৰাধিকাৰৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি ক্ষমা খুজিলে কমলাকান্ত বৰা নামৰ এইজন লোকে
অভিযুক্ত বৰাই ‌‌‌‌‌‌‌‌নিজৰ দোষ স্বীকাৰ কৰাৰ লগতে নিজে অনুশোচনা কৰা বুলি আৰক্ষীক অৱগত কৰে।

অভিযুক্ত বৰাই ‌‌‌‌‌‌‌‌নিজৰ দোষ স্বীকাৰ কৰাৰ লগতে নিজে অনুশোচনা কৰা বুলি আৰক্ষীক অৱগত কৰে।

  • Share this:
সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান স্বৰূপ মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰৰ এগৰাকী সত্ৰাধিকাৰক লৈ অলপতে কমলাকান্ত বৰা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাত সমগ্ৰ মাজুলীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সমাজলৈ সত্ৰাধিকাৰসকলৰ অমূল্য অৱদান আৰু মাজুলীৰ সত্ৰীয়া আদৰ্শক হেয় পতিপন্ন কৰা এনে অশোভনীয় প্ৰচাৰে সমগ্ৰ অসমতে এক আলোড়নৰ সৃষ্টি কৰিছে। মাজুলীৰ বিভিন্ন দল-সংগঠনে এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কমলাকান্ত বৰা যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ ওপৰত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে সামাজিক মাধ্যমৰ ব্যৱহাৰিক দিশৰ ওপৰতো আৰক্ষীক দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছিল।

ইতিমধ্যে ব্যক্তিজনৰ ওপৰত সত্ৰৰ মুক্তিয়াৰ ৰিংকু মণি দত্তই মাজুলীৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত কমলাকান্ত বৰাক গুৱাহাটীত কৰায়ত্ত কৰি মাজুলী থানালৈ আনি সোধা-পোছা কৰে। অভিযুক্ত বৰাই ‌‌‌‌‌‌‌‌নিজৰ দোষ স্বীকাৰ কৰাৰ লগতে নিজে অনুশোচনা কৰা বুলি আৰক্ষীক অৱগত কৰে।

দেওবাৰে মাজুলী আৰক্ষী থানাৰ সভাকক্ষত মাজুলীৰ সংবাদ কৰ্মী, বিভিন্ন  সত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ প্ৰতিনিধি, মাজুলী জিলা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ, মাজুলী জিলা ছাত্ৰ সন্থা, মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি আৰু এজাহাৰ দাখিল কৰোতা ৰিংকুমণি দত্তকে ধৰি স্থানীয় ৰাইজৰ ওচৰত কমলাকান্ত বৰাই ক্ষমা-ভিক্ষা খোজে। তেওঁৰ কৃত কৰ্মৰ বাবে অনুতপ্ত বুলি স্বীকাৰ কৰি মাজুলীৰ সত্ৰানুস্থান, সত্ৰাধিকাৰ আৰু মাজুলী বাসীক ক্ষমা কৰিবলৈ নিবেদন জনায়। এইভুল সামাজিক মাধ্যমত স্বীকাৰ কৰাৰ উপৰিও এনে ধৰণৰ মন্তব্য নিদিবলৈ আহ্বান জনাবলৈ প্ৰতিশ্ৰুতি দিয়ে। পিছত আৰক্ষীৰ ওচৰত এখন লিখিত প্ৰতিশ্ৰুতি দিয়াত বৰাক মুক্ত কৰি দিয়ে।

উল্লেখযোগ্য যে সত্ৰাধিকাৰগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাজুলীবাসীয়ে আশা কৰা মতে মাজুলীত বিধায়ক হিচাবে থাকিবলৈ আহ্বান জনাই তেওঁৰ কৰ্মৰাজিৰ বিষয়ে অবলোকন কৰি  মহাভাৰতৰ 'ভীষ্মৰ' লগত তুলনা কৰি বক্তব্য প্ৰদান কৰাৰ বাবে  ফেচবুকত বৰাই অশোভনীয় মন্তব্য কৰিছিল। বৰাৰ মন্তব্যক সমৰ্থন কৰি লগতে বহুজনে অশোভনীয় মন্তব্য কৰিছিল। সামাজিক মাধ্যমত গুৰু-গোঁসাই নমনা এনে কিছুমান লোকে অসমত এক অশুভ পৰম্পৰাৰ সৃষ্টি কৰাৰ বাবে এতিয়া নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত মাজুলীৰ নৱনিযুক্ত জিলা আৰক্ষী বিষয়া গৌতম বৰাৰ তৎপৰতাত সত্ৰসমূহৰ লগতে মাজুলীবাসীৰ লগতে বিভিন্ন দল–সংগঠনে  সন্তোষ প্ৰকাশ কৰি সমাজখন সুস্থিৰ কৰি ৰখাৰ বাবে আৰক্ষী বিষয়াগৰাকীয়ে লোৱা পদক্ষেপক আদৰণি জনাইছে আৰু সামাজিক মাধ্যমত সচৰাচৰ দেখিবলৈ পোৱা অশোভনীয় মন্তব্যৰে বৃহত্তৰ অসমীয়া সমাজখন যাতে অস্থিৰ নকৰে তাৰ বাবে আহ্বান জনাইছে।
Published by: Sanjay Kumar Das
First published: June 7, 2021, 8:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি