মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ভেলেণ্টাইন ফুলকবি দেখিছেনে? যুৱ কৃষক ৰবীনে মাজুলীৰ কেঁচা মাটিত আঁকিছে হালধীয়া আৰু বেঙুনীয়া চিত্ৰ

ভেলেণ্টাইন ফুলকবি দেখিছেনে? যুৱ কৃষক ৰবীনে মাজুলীৰ কেঁচা মাটিত আঁকিছে হালধীয়া আৰু বেঙুনীয়া চিত্ৰ

News18 Assam | News18-Assam
Updated:January 31, 2021, 5:29 PM IST
ভেলেণ্টাইন ফুলকবি দেখিছেনে? যুৱ কৃষক ৰবীনে মাজুলীৰ কেঁচা মাটিত আঁকিছে হালধীয়া আৰু বেঙুনীয়া চিত্ৰ
'খাদ্য যিমানে ৰঙীণ হয় সিমানেই ভাল লাগে দেখিবলৈ ৷ মই মোৰ ডায়েটত ৰঙৰ সমাহাৰ কৰাৰ চেষ্টা কৰো ৷ যাৰ অৰ্থ শাক পাচলি অথবা ফলমূল ৷'

'খাদ্য যিমানে ৰঙীণ হয় সিমানেই ভাল লাগে দেখিবলৈ ৷ মই মোৰ ডায়েটত ৰঙৰ সমাহাৰ কৰাৰ চেষ্টা কৰো ৷ যাৰ অৰ্থ শাক পাচলি অথবা ফলমূল ৷'

  • Share this:
'খাদ্য যিমানে ৰঙীণ হয় সিমানেই ভাল লাগে দেখিবলৈ ৷ মই মোৰ ডায়েটত ৰঙৰ সমাহাৰ কৰাৰ চেষ্টা কৰো ৷ যাৰ অৰ্থ শাক পাচলি অথবা ফলমূল ৷'- যুৱ কৃষক ৰবীন ভূঞাই তেখেতৰ কৃষি ভূমি সমূহ ৰামধেনুৰ ৰঙৰ দৰে উজ্বলাই তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে ৷ অসম গৌৰৱ তথা বিশ্বৰ ভিতৰতে বৃহত্তম নদী দ্বীপ হিচাপে পৰিগণিত মাজুলীত এক নতুন বিপ্লৱ আনিবলৈ সক্ষম হৈছে ৰবীন ভূঞা।



মাজুলীৰ জিলা সদৰ গড়মূৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত ৰবীনে পৰীক্ষামূলকভাৱে সাৰুৱা কৃষিভূমিত আৰম্ভ কৰিছে ফল মূলৰ খেতি ৷  ল'ক ডাউনৰ সময়তে ৰবীনে মাজুলীৰ সেই অঞ্চলটোত সিদ্ধান্ত গ্ৰহণ কৰিছিল হালধীয়া আৰু বেঙুনীয়া ৰঙৰ ফুলকবিৰ খেতি কৰিবলৈ ৷ প্ৰথম অৱস্থাত ৰবীনে পাঁচ বিঘা মাটিত বগা ৰঙৰ ফুল কবিৰ খেতি কৰিছিল ৷

'২০২০ চনৰ অক্টোবৰ মাহৰ শেষৰ ফালে মাজুলীৰ অতিৰিক্ত উপায়ুক্তই মোক লখিমপুৰৰ এখন শস্য উদ্যানৰ দোকানৰ সৈতে চিনাকী কৰাই দিছিল য'ত বেঙুনীয়া আৰু হালধীয়া ৰঙৰ ফুলকবি মই প্ৰথম দেখা পাইছিলো ৷ দোকানখনৰ স্বত্বাধিকাৰীজনে মাজুলীত প্ৰতিটো জাতৰ ১০ গ্ৰামকৈ বীজ বিতৰণ কৰিছিল পৰৱৰ্তী সময়ত ৷ আৰু মই প্ৰতিটো জাতৰ ২০০ গ্ৰাম বীজ মোৰ কৃষি ভূমিত সিচিঁছিলো যাৰ পৰা অক্টোবৰ পৰা নৱেম্বৰ মাহৰ শেষৰ ফাললৈ মোৰ ফাৰ্মত উৎপাদন আৰম্ভ হৈছিল ৷ এই জাতটো ভেলেণ্টাইন হিচাপে পৰিচিত আৰু মই জনাত মাজুলীত এতিয়ালৈকে কোনেও ইয়াৰ খেতি কৰা নাই ৷'- এইদৰে কয় যুৱ খেতিয়ক ৰবীন ভূঞাই ৷



কলা শাখাৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা ৩৫ বছৰীয়া ৰবীন ভূঞাই কৃষি কাৰ্যক পেছা হিচাপে গ্ৰহণ কৰিছিল আৰু পুৱা ৪ বজাতে শুৱাপাতি এৰি খেতি পথাৰত লাগি গৈছিল ৷ যুৱ কৃষক গৰাকীয়ে জৈৱিক পদ্ধতিৰে খেতি কৰাৰ লগতে নিজাববীয়াকৈ কেঁচুসাৰ তথা আম জৈৱিক সাৰ প্ৰয়োগেৰে ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰা বিৰত আছিল নিজৰ খেতি পথাৰত ৷ নিজৰ লগতে ৰবীন ভূঞাই আন ২৫ জন যুৱককো নিজৰ খেতি পথাৰত জড়িত কৰাৰ লগতে ৰবীন ভূঞাই শেহতীয়াকৈ ১৬০০ হাজাৰ পুলিৰে মাজুলীৰ বুকুত আৰম্ভ কৰিছে ষ্ট্ৰবেৰীৰ খেতি ৷



বেঙুনীয়া ৰঙৰ ফুলকবি সমূহৰ মূৰটো মজলীয়াৰ পৰা ডাঙৰ আকাৰৰ হয়, যাৰ ব্যাস ১৫ ৰ পৰা ৩০ ছেণ্টিমিটাৰৰ হয় আৰু প্ৰায়ভাগ সতেজ পাতেৰে ঘনকৈ আৱৰি থাকে ফুলকবিতো ৷ বেঙুনীয়া ৰঙৰ ফুলকবি সমূহ সোৱাদযুক্ত হোৱাৰ লগতে সুগন্ধিযুক্ত আৰু আন সাধাৰণ ফুলকবি সমূহতকৈ কোমল আৰু মচমচীয়া সোৱাদৰ হয় ৷ এই ফুল কবি সমূহৰ ঠাৰিৰ পৰা পাত সকলো খোৱাৰ যোগ্য আৰু ৰান্ধিব পাৰি ৷ এইবিধ ফুলকবিৰ ওপৰভাগ অৰ্থাৎ মূল অংশটো কোমল হোৱাৰ সমান্তৰালকৈ ঘনত্ব যথেষ্ট হয় ফুলৰ ৷



যুৱ খেতিয়ক গৰাকীৰ মতে, তেওঁ শাক পাচলি বিক্ৰী কৰিয়েই বছৰি ১৫ ৰ পৰা ২০ লাখ টকা উপাৰ্জন কৰে ৷ বৰ্তমান দ্বীপটোৰ স্থানীয় বজাৰসমূহত ব্যৱসায় কৰা ৰবীনে দুখ প্ৰকাশ কৰি কয় যে, বাহিৰৰ বজাৰ সমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত প্ৰধান প্ৰতিবন্ধকতাই দেখা দিছে যোগাযোগৰ অসুবিধাই ৷

২০১৬ চনত সেই সময়ৰ অসম বিধান সভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় ঘাই পথ আৰু পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলীৰ সৈতে যোৰহাটক সংযোগ কৰিব পৰাকৈ এখন পকী দলঙৰ ডিপি আৰ প্ৰকল্পৰ আধাৰশিলা স্হাপন কৰিছিল ৷ পকী দলং খনৰ ডিপি আৰৰ কাম সেই বছৰৰে অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা আছিল ৷ বৰ্তমান ভাৰত চৰকাৰে ১১,৬৯০ কিলোমিটাৰ দৈৰ্ঘৰ মাজুলীৰ উত্তৰ দিশে যোৰহাট আৰু মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ দ্বি লেনযুক্ত পকী দলং নিৰ্মাণৰ বাবে নিবিদা গ্ৰহণ কৰিছে।

লক্ষণীয় বিষয়টো হ'ল বেঙুনীয়া ফুলকবি সমূহ জিনগতভাৱে পৰিৱৰ্তিত নহয় আৰু ই এন্হোচায়ানিনৰ পৰা পৰা বেঙুনীয়া ৰঙলৈ পৰ্যবেসিত হয় যিটো প্ৰাকৃতিক আৰু পাচলিত এনে প্ৰাকৃতিক গুণাগুণ দেখা পোৱা যায় ৷ বেঙুনীয়া ফুলকবি সমূহ তাৰ প্ৰাকৃতিক ৰঙৰ বাবে ৰান্ধনি সকলৰ মাজতো জনপ্ৰিয় ৷

বেঙুনীয়া ফুলকবি সমূহত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় A ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ই একধৰণৰ এণ্টি অক্সিডেণ্ট জাতীয় ফ্লেভোনয়েডৰ উৎস যিয়ে কোষক বাহিৰৰ পৰিৱেশগত আগ্ৰাসনকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিয়ে ৷
Published by: Himangshu Bhuyan
First published: January 31, 2021, 5:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি