মুখ্যপৃষ্ঠা »খবৰ »অসম »Govt. School: মাজুলীৰ ভিতৰুৱা অঞ্চলৰ ব্যক্তিগত খণ্ডক প্ৰত্যাহ্বান জনাব পৰা এখন ব্যতিক্ৰমী চৰকাৰী প্ৰাথমিক বিদ্যালয় ...

Govt. School: মাজুলীৰ ভিতৰুৱা অঞ্চলৰ ব্যক্তিগত খণ্ডক প্ৰত্যাহ্বান জনাব পৰা এখন ব্যতিক্ৰমী চৰকাৰী প্ৰাথমিক বিদ্যালয় ...

মাজুলীৰ ভিতৰুৱা অঞ্চলৰ ব্যক্তিগত খণ্ডক প্ৰত্যাহ্বান জনাব পৰা এখন ব্যতিক্ৰমী চৰকাৰী প্ৰাথমিক বিদ্যালয়। ১৬৯ নং কুলিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশে দৃষ্টি আকর্ষণ কৰিছে বহুজনৰ। ৬৪ জন ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে আছে ডাইনিং টেবুল। তিনিটা শৈক্ষিক ভৱনত পাঠদান, বিদ্যালয়ৰ পাচলি আৰু ফুল বাগান, সুন্দৰ গছ-গছনিৰে আটক ধুনীয়াকৈ গঢ়ি তোলা হৈছে বিদ্যালয়খন।

  • Share this:

যি সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি সাধাৰণ ৰাইজৰ অনিহা সৃষ্টি হৈছে, সেই সময়ত মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত নামনি মাজুলীৰ এখন ব্যতিক্ৰমী প্ৰাথমিক বিদ্যালয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১৬৯ নং কুলিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সুন্দৰ শৈক্ষিক পৰিৱেশে মাজুলীবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বানত বছৰৰ কেইবাটাও মাহ বিপৰ্য্যস্ত হৈ থাকে কুলিচাপৰি অঞ্চলটো। উক্ত, কুলিচাপৰিত ১৯৫৮ চনত প্ৰতিষ্ঠা হোৱা ১৬৯ নং কুলিচাপৰি প্ৰাথমিক বিদ্যালয়খনে প্ৰতিষ্ঠাৰ দিনৰ পৰাই স্বকীয়তাৰে মাজুলীৰ শৈক্ষিক ক্ষেত্ৰত জিলিকি আছে।

সুন্দৰ প্ৰাকৃতিক পৰিৱেশত প্ৰতিষ্ঠিত উক্ত চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত সমীপৰ অঞ্চলৰ অভিভাৱকে নিজৰ সন্তানক পঢ়ুৱাবলৈ হেঁতাওপৰা কৰে। বিদ্যালয়খনৰ বৃহৎ চৌ-পাষৰ লগতে আছে বহুত মূল্যৱান গছ। বিদ্যালয়খনৰ সন্মুখতে থকা বৃহৎ কৃষ্ণ চুড়া গছ জোপাই বৃহৎ বিদ্যালয়খন আগুৰি আছে। বিদ্যালয়খনৰ চাৰিওফালে নাৰিকল, আম, বকুল, নাহৰ আদি গছে আবৰি আছে। এখন উচ্চ শিক্ষা অনুষ্ঠানৰ দৰে উক্ত কুলিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ সন্মূখত আছে এখন বৃহৎ মুকলি খেল পথাৰ । সুন্দৰ ফুলনি, পাচলি বাগান, পকী গেট, বৃহৎ আদৰণী তোৰণ থকা উক্ত প্ৰাথমিক বিদ্যালয়খনৰ মাতৃ গোট আৰু অভিভাৱকসকল সকলো সময়তে সম্পূৰ্ণ সক্ৰিয় হৈ থাকে। মাতৃগোটে ফুলনি আৰু পাচলি বাগান নিজেই যত্ন লয়। ফলত, বিদ্যালয়খনত বিভিন্ন ফুল ফুলি জাতিষ্কাৰ হৈ থকাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজন হোৱা কোমোৰা, ৰঙালাও বিদ্যালয়ত উৎপাদন কৰি ছাত্ৰ ছাত্ৰীসকলক খুৱায়। উক্ত কুলিচাপৰি প্ৰাথমিক বিদ্যালয়খনৰ অতি আকৰ্ষণীয় দিশ হৈছে বিদ্যালয়ৰ ডাইনিং হলটো । বিদ্যালয়খনৰ আন্তঃগাথঁনি উন্নয়নৰ ধনেৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক অমূল্য টায়েই উক্ত বৃহৎ ডাইনিং হলটো নিৰ্মাণ কৰি দিছে। বিদ্যালয়খনৰ অভিভাৱকসকলে নিজেই শ্ৰমদান কৰি ছাত্ৰ ছাত্ৰীসকলক উক্ত ডাইনিং হলটো নিৰ্মাণত সহায় কৰি দিছে। মাজুলীৰ আন সকলো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজন মজিয়াত বহি খাব লাগে। জিলাখনৰ আন বিদ্যালয় সমূহত  বিদ্যালয়ৰ বাৰাণ্ডাত অথবা শ্ৰেণী কোঠাত  মাটিত বহি মধ্যাহ্ন ভোজন খাব লাগে, কিন্তু এইক্ষেত্ৰত উক্ত কুলিচাপৰি প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণ ব্যতিক্ৰম । বিদ্যালয়খনৰ ৬৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ ডাইনিং হলত বেঞ্চত বহি টেবুলত ভাতৰ কাঁহী থৈ খোৱাৰ সু-ব্যৱস্থা আছে। উক্ত, বিদ্যালয় কতৃপক্ষই আন্তঃগাথঁনিৰ উন্নয়নৰ ধনৰে  ছাত্ৰ ছাত্ৰীসকলক ডাইনিং হল বনাই দিব পাৰিছে, কিন্তু আন বিদ্যালয় সমূহে এই সুবিধা কিয় দিব পৰা নাই বুলি একাংশ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে, উক্ত বিদ্যালয়খনত তিনিটা সুন্দৰ শৈক্ষিক ভৱন, পৃথক কাৰ্যালয়, ৰান্ধনী গৃহ, ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৃথকে পৃথকে প্ৰসাৱগাৰ,শৌচালয়ৰ সু-ব্যৱস্থা আছে। বিদ্যালয়খনত থকা শৈক্ষিক ভৱন কেইটাৰ নাম হৈছে "সৰ্বপল্লী ভৱন, আনন্দৰাম বৰুৱা ভৱন আৰু বাণীকান্ত কাকতি ভৱন।" প্ৰাকৃতিক পদ্ধতিৰ উক্ত পানী ফিল্টাৰৰ পৰা সকলো ছাত্ৰ ছাত্ৰীয়ে বিশুদ্ধ পানী খায়। বিদ্যালয়খনৰ চৌপাশৰ সুন্দৰ গছবোৰত আছে প্ৰতিজোপাৰ চিনাক্তকৰণ নাম ফলক। বিদ্যালয়খনৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ নেদেখিলে কোনেও বিশ্বাস নকৰে। বিদ্যালয়খনে যোৱা কেইবাবছৰো গুণোৎসৱত "এ"প্লাছ লাভ কৰিছে। কিন্তু, তিনিটাকৈ শৈক্ষিক ভৱনত পাঠদান কৰা নামনি মাজুলীৰ উক্ত বিদ্যালয়খনত বৰ্তমান মাত্ৰ দুজন শিক্ষক আছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক অমূল্য টায়ে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীন কান্ত পেগুয়ে বিদ্যালয়খনত আৰু এজন শিক্ষক নিযুক্তি দিবলৈ মাজুলীৰ শিক্ষা বিভাগক অনুৰোধ জনাইছে। প্ৰতিবছৰে বিদ্যালয়খনৰ পৰা প্ৰাথমিক বৃত্তি পৰীক্ষাত কেইবাজনো ছাত্ৰ- ছাত্ৰীয়ে বৃত্তি লাভ কৰে।

শেহতীয়া বাতৰি