• Home
  • »
  • News
  • »
  • assam
  • »
  • Majuli | Brahmaputra Board: মাজুলীৰ সুৰক্ষাকলৈ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ল'ৰা ধেমালি। মহৰিচুক পথাৰত নিম্নমানৰ পাৰ্কুপাইনেৰে পাল মৰা কাম

Majuli | Brahmaputra Board: মাজুলীৰ সুৰক্ষাকলৈ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ল'ৰা ধেমালি। মহৰিচুক পথাৰত নিম্নমানৰ পাৰ্কুপাইনেৰে পাল মৰা কাম

Majuli | Brahmaputra Board: মহৰিচুক পথাৰত নিম্নমানৰ কেইদালমান পাৰ্কুপাইন পেলাই পাল মাৰিলে ব্ৰহ্মপুত্ৰ বৰ্ডে।
নামনি মাজুলীত খহনীয়া অব্যাহত ।

Majuli | Brahmaputra Board: মহৰিচুক পথাৰত নিম্নমানৰ কেইদালমান পাৰ্কুপাইন পেলাই পাল মাৰিলে ব্ৰহ্মপুত্ৰ বৰ্ডে। নামনি মাজুলীত খহনীয়া অব্যাহত ।

Majuli | Brahmaputra Board: মহৰিচুক পথাৰত নিম্নমানৰ কেইদালমান পাৰ্কুপাইন পেলাই পাল মাৰিলে ব্ৰহ্মপুত্ৰ বৰ্ডে। নামনি মাজুলীত খহনীয়া অব্যাহত ।

  • Share this:
মাজুলীৰ অস্তিত্ব আৰু  সুৰক্ষাক লৈ যোৱা ১৮ টা  বছৰে হেতালী খেলি থকা  কেন্দ্ৰীয় এজেন্সী ব্ৰহ্মপুত্ৰ ব'ৰ্ডে  এইবাৰ নামনি মাজুলী (Majuli)ৰ  সুৰক্ষাক লৈ  ল'ৰা ধেমালি কৰা দেখা গৈছে । ২০০৪ চনৰ পৰা মাজুলীৰ এচপৰা ভূমিও সুৰক্ষা দিব নোৱাৰা বৃহত্তৰ নামনি মাজুলীলৈ ভাবুকি কঢ়িয়াই অনা মহৰিচুক পথাৰ আৰু  বৰজানত ব্ৰহ্মপুত্ৰৰ  গৰাখহনীয়া  প্ৰতিৰোধৰ  নামত  ব্ৰহ্মপুত্ৰ ব'ৰ্ডে  চুড়ান্ত  হেতালী খেলা দেখা গৈছে ।

নামনি  মাজুলীৰ কৰদৈগুৰিৰ  নামনি অংশত যোৱা এক মাহে  ব্ৰহ্মপুত্ৰৰ তীব্র  গৰাখহনীয়া চলি আছে । ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ  সুৰক্ষা আঁচনি ৰূপায়ণ কৰা  ঠিকাদাৰী  প্ৰতিষ্ঠান,বহু  বিৰ্তকিত  "টি কে  কোম্পেনী"য়ে  কৰদৈগুৰিৰ নামনিৰ পৰা  মলুৱাললৈকে  প্ৰায়  ডেৰ কিলোমিটাৰ  অংশত  সুৰক্ষা আঁচনি ৰূপায়ণেই নকৰিলে। নামনি মাজুলীৰ  ৰাইজক  চুড়ান্ত  প্ৰৱঞ্চনা কৰি  টি কে  কম্পেনীয়ে  জিঅ' বেগ  দি গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিছিল যদিও সেই অংশত  কোনো  আঁচনি ৰূপায়ন নকৰিলে । ফলত যোৱা জুন মাহৰ  প্ৰথম  সপ্তাহৰ  পৰা  কৰদৈগুৰিৰ  নামনি  অংশত প্ৰধানকৈ  মহৰিচুক গাঁৱৰ সন্মুখৰ  অংশ, বৰজান, বান্দৰবাৰী আদিত  তীব্ৰ  গৰাখহনীয়া চলি আছে ।

টি কে কম্পেনীয়ে  আঁচনি ৰূপায়ন কৰা কৰদৈগুৰিৰ নামনি অংশটোত   ব্ৰহ্মপুত্ৰ বৰ্ডে নিজৰ আওতালৈ  আনিছে । সেই অংশটোত  ব্ৰহ্মপুত্ৰ ব'ৰ্ডে   বাৰিষা  কাম কৰিবলৈ  বাট চাই  থাকিল । যোৱা ২৬ জুনত  ব্ৰহ্মপুত্ৰ ব'ৰ্ডে  মহৰিচুক পথাৰত  নাওৰ পৰা  দলিয়াই দলিয়াই  কেইটামান আৰ চি  চি  পাৰ্কুপাইন  পেলালে । মহৰিচুকৰ  দ্বীপজ্যোতি  বহুমুখী জৈৱিক  ফাৰ্মৰ  সন্মুখত কেইটামান   আৰ চি চি  পাৰ্কুপাইন দি গৰাখহনীয়া  প্ৰতিৰোধৰ নামত চৰকাৰী ধনৰ এনেদৰেই অপচয় কৰি আহিছে ।

ব্ৰহ্মপুত্ৰ ব'ৰ্ডে  এখন  মেচিন নাওত  কেইদালমান  পাৰ্কুপাইন  আনি , নাওতে  পাৰ্কুপাইনত  বল্টু  মাৰি , নাওৰ পৰা  দলিয়াই দলিয়াই  মাত্ৰ  কেইমিটাৰমানত  পাৰ্কুপাইন  সংৰোপন  কৰিলে  । অতি  আশ্চৰ্যজনক  কথা যে  নিম্ন মানদণ্ডৰ উক্ত  পাৰ্কুপাইনৰ  কেইবাটাও  পোষ্ট  নাওৰ পৰা  দলিয়াই  দিওঁতেই  ভাগি গৈছিল । মহৰিচুক পথাৰত  মাত্ৰ  তিনিটা শাৰীত  কেইদালমান  পাৰ্কুপাইন  দিয়েই  ব্ৰহ্মপুত্ৰ  বৰ্ডে  পাল মাৰিলে বুলি অভিযোগ কৰিছে মাজুলীৰ লোকে । অতি নিম্ন মানৰ  আৰ চি চি  পাৰ্কুপাইনেৰে  মাত্ৰ  বিশ মিটাৰমান দৈৰ্ঘ্যতহে  কাম কৰি  ব্ৰহ্মপুত্ৰ বৰ্ডে  অঞ্চল বাসীক  ৰামঠগন দিলে ।

২৬ জুনৰ  পাছত  ব্ৰহ্মপুত্ৰ  ব'ৰ্ডৰ  বিষয়া কৰ্মচাৰী  উক্ত  অঞ্চলটোত  ভুমুকি মৰা নাই।  নিম্ন মানৰ  আৰ চি চি পোষ্ট  বোৰ  সলনি  কৰি  ২৮ জুনৰ পৰা  পুনৰ  অঞ্চলটোত  সুৰক্ষা আঁচনি ৰূপায়ন কৰিব বুলি  ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ  বিষয়া-কৰ্মচাৰীয়ে  স্থানীয় ৰাইজক  জনাইছিল , কিন্তু  আজি  আঠদিন  পাৰ  হোৱাৰ  পাছতো  ব্ৰহ্মপুত্ৰ  বৰ্ডৰ  কোনো বিষয়া, কৰ্মচাৰী অঞ্চলটোলৈ  নাহিল ।

আনহাতে আজিও  অঞ্চলটোত ব্যাপক  গৰাখহনীয়া  চলি আছে । আজি গৰাখহনীয়াই কৰদৈগুৰি মলুৱাল সংযোগী পথটো খহাই নিছে । গৰাখহনীয়া এতিয়া দ্বীপজ্যোতি  বহুমুখী জৈৱিক ফাৰ্মত লাগি  আছে । জৈৱিক  ফাৰ্মখনৰ  ভূমিত  নাৰ্বাদৰ  অৰ্থ সাহায্যৰে  নিৰ্মাণ কৰা কেইবালাখ টকাৰ  সৌৰশক্তি  চালিত  জলসিঞ্চন  প্ৰকল্পটোলৈও  ভাবুকি কঢ়িয়াই আনিছে । নৱ নিৰ্মিত বৃহৎ জলসিঞ্চন প্ৰকল্পটো শুভাৰম্ভ কৰাৰ আগতেই খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ।

যদি গৰাখহনীয়া সৃষ্টি কৰা ব্ৰহ্মপুত্ৰ সুঁতিটো উক্ত জৈৱিক  ফাৰ্মখনৰ ফালে বৈ যায়, তেতিয়া, বৃহৎ  মহৰিচুক অঞ্চল, নামনি মাজুলী গড়কাপ্তানী  পথ,  নামনি মাজুলী  মহাবিদ্যালয়, জাতীয় বিদ্যালয়  আদি  ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে ।       মাজুলীৰ  বিধায়ক ভুবন গাম, সাংসদ  প্ৰদান বৰুৱা দুয়োজনকে  ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ  বিষয়া কৰ্মচাৰীক লগত লৈ নামনি  মাজুলীৰ  উক্ত  মহৰিচুকলৈ  আহিবলৈ  স্থানীয় ৰাইজে  আহ্বান জনাইছে । ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ  বিষয়া-কৰ্মচাৰীসকলৰ মাজুলীৰ  প্ৰতি দায়বদ্ধতা নথকাৰ বাবেই  নামনি মাজুলীত  গৰাখহনীয়া বৃদ্ধি পাইছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি