• Home
  • »
  • News
  • »
  • assam
  • »
  • Majuli Child Aritist Death : মাত্ৰ চাৰি দিন পূৰ্বে পিতৃয়ে শিশুশিল্পী তেজস্বিতাক কিনি দিছিল এখন চাৰিচকীয়া বাহন

Majuli Child Aritist Death : মাত্ৰ চাৰি দিন পূৰ্বে পিতৃয়ে শিশুশিল্পী তেজস্বিতাক কিনি দিছিল এখন চাৰিচকীয়া বাহন

তেজস্বিতাই কম বয়সতে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।

তেজস্বিতাই কম বয়সতে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।

তেজস্বিতাই কম বয়সতে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।

  • Share this:
মাত্ৰ ১৪ বছৰতে অকাল মৃত্যুক সাৱটি লোৱা মাজুলী কমলাবাৰীৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক মৃত্যুক কোনেও মানি ল'ব পৰা নাই। এয়া এক সহনীয় সংবাদ। সংগীত–নৃত্যৰ মাজেৰে জনপ্ৰিয় শিশুশিল্পীগৰাকীৰ জীৱনৰ সমাপ্তি ঘটে সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে। গুৰুজনাৰ জয়ন্তীত বৰগীত পৰিৱেশন কৰিবলৈ আহি মৃত্যুৰ শীতল কোলাত ঢলি পৰে তেওঁ।

সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমলাবাৰীৰ দৰিয়া গাঁও নিৱাসী বাবুল বৰুৱা আৰু নীলাক্ষি বৰুৱাৰ একমাত্ৰ কন্যা আছিল তেজস্বিতা। মাত্ৰ তিনি বছৰ বয়সৰ পৰা গীত পৰিৱেশনৰ জৰিয়তে জনতাৰ হৃদয় জয় কৰি অহা তেজস্বিতাই কম বয়সতে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।

কিন্তু প্ৰতিভাই পূৰ্ণতা নৌপাওঁতেই অকাল বিয়োগ ঘটে তেওঁৰ। দুখৰ কথা যে তেজস্বিতাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানলৈ যোৱাৰ বাবে যাতায়াতত সহায় হোৱাকৈ তেওঁৰ পিতৃয়ে মাত্ৰ চাৰি দিনৰ পূৰ্বে এখন চাৰিচকীয়া বাহন ক্ৰয় কৰি দিছিল। কিন্তু সেই আশা, সেই সপোন কৰুণভাৱে কলিতে মৰহি গ'ল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি