শনিবাৰেই বিজেপিয়ে প্ৰস্তুত কৰিব পৌৰসভা নিৰ্বাচনৰো ৰণকৌশল।
শনিবাৰেই বিজেপিয়ে প্ৰস্তুত কৰিব পৌৰসভা নিৰ্বাচনৰো ৰণকৌশল।
মাজুলীৰ উপ-নিৰ্বাচন আৰু ৮০খনকৈ আসনত হ'বলগীয়া পৌৰসভা নিৰ্বাচনলৈ সৰ্বতোপ্ৰকাৰে সাজু অসম প্ৰদেশ বিজেপি ৷ মাজুলী উপনিৰ্বাচনৰ প্ৰাৰ্থীকলৈ সৃষ্টি হোৱা দোমোজা দূৰ কৰিবলৈ মাজুলীলৈ গৈছে বিজেপিৰ দুই নিৰ্বাচনী প্ৰভাৰী ৷ ইফালে শনিবাৰে পৌৰসভা নিৰ্বাচনক লৈ বিজেপিয়ে প্ৰস্তুত কৰিব ৰণকৌশল ৷
বিজেপি এতিয়া বাৰুকৈয়ে ব্যস্ত নিৰ্বাচনকলৈ ৷ সন্মুখত থকা মাজুলী বিধানসভা উপনিৰ্বাচন আৰু ৮০খনকৈ পৌৰসভাৰ নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে দলটো ৷ মাজুলী বিধানসভাৰ উপনিৰ্বাচনক লৈ ভূৱন গাম, প্ৰদান বৰুৱা, হেমচন্দ্ৰ দলেকে ধৰি বহুকেইজন জনজাতীয় নেতা প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকাত আছে। সেয়েহে পাৰ্থী চূড়ান্ত কৰিবলৈ শুকুৰবাৰে মাজুলীত উপস্থিত হৈছে মন্ত্ৰী বিমল বৰা আৰু প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ উপ-সভাপতি নৱ দলে ৷
প্ৰভাৰীয়ে দিয়া চূড়ান্ত নাম শনিবাৰে দিল্লীলৈ প্ৰেৰণ কৰিব ৰাজ্যিক নেতৃত্বই ৷ মাজুলী সমষ্টিটো নিজৰ দখলত থাকিব বুলি প্ৰৱল আত্মবিশ্বাসী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰোধীক তিপ্পনী ৷ ভৱেশ কলিতাৰ মতে, খেলি হেনো ভাল নালাগিব এই নিৰ্বাচন ৷ কাৰণ বিজেপিৰ সন্মুখত নাই শক্তিশালী বিৰোধী। গতিকে এইখন খেল কমিটীৰ লগত খেলাৰ দৰে হ'ব ৷ কিন্তু কমিটীৰ বিৰুদ্ধে খেলা খেলত মজা নাথাকে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।
ইফালে শেহতীয়াকৈ গান,কবিতাত ব্যস্ত থকা কংগ্ৰেছ সভাপতি ভূপেন বৰাকলৈও ভৱেশ কলিতাই ক'লে,"কংগ্ৰেছৰ হাতত এতিয়া সময়েই সময় ৷ গতিকে কংগ্ৰেছ এতিয়া ব্যস্ত গান কবিতাতে ৷ আমি এতিয়া নিৰ্বাচনতে ব্যস্ত হৈ আছো ৷ নিৰ্বাচনী ব্যস্ততা সামৰি ব'হাগতে জুৰিম বিহু ৷"
আনহাতে, আহি থকা পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে বুথ,মণ্ডল,জিলা পৰ্যায়ত গঠন কৰি দিয়া ক'ৰ কমিটীসমূহক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাছখোৱাস্থিত সাংস্কৃতিক প্ৰকল্পত শনিবাৰে বিজেপিয়ে প্ৰস্তুত কৰিব ৰণ কৌশল ৷ এই ৰণকৌশল প্ৰস্তুতি বৈঠকৰ পিছতে পৌৰসভা নিৰ্বাচনৰো প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব বিজেপিয়ে ৷ এই কথা সদৰি কৰিলে সভাপতিগৰাকীয়ে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|