অৱশেষত প্ৰত্যাশিত ভাবেই বিজয়ৰ হাঁহি মাৰিলে মাজুলী উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভূৱন গামে। সৰ্বমুঠ ৪১ হাজাৰ ৭০০ ভোটৰ ব্যৱধানত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক পৰাস্ত কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে।
নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ পৰাই আচলতে ফ্ৰণ্টফুটত আছিল ভূৱন গাম। বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভূৱন গামৰ হৈ জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী। সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও চিত্তৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
কোন এইজন ভূৱন গাম?
মাজুলীৰ জিলা সদৰৰ কাষতে অৱস্থিত ২ নং ফুটুকী গাঁৱত জন্ম হৈছিল ভূৱন গামৰ। গড়মূৰ পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰা ভূৱন গামে গড়মূৰ পি ডি জি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছতে হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম গ্ৰহণ কৰে গামে।
বৰ্তমান ৰাজ্যৰ ভিতৰতে এগৰাকী সফল ব্যৱসায়ী হিচাপে জনাজাত ভূৱন গামে শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে গড়মূৰত এখন চিমেণ্টৰ দোকান দিয়ে। তাৰ পিছত কিছুদিন কাঠৰ ব্যৱসায়ৰ সৈতেও জড়িত আছিল। পিছৰ পৰ্যায়ত গুৱাহাটীৰ ট্ৰাইবেল গেষ্ট হাউছৰ কাষত এখন সৰু চাহৰ দোকান দিয়ে ভূৱন গামে। আৰু সেই চাহৰ দোকানখনেই যেন ভাগ্যৰ দুৱাৰ মুকলি কৰে গামৰ।
ট্ৰাইবেল গেষ্ট হাউচলৈ সেই সময়ত আগমন ঘটিছিল বহু শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ। আহিছিল সেইসময়ৰ বহুকেইজন প্ৰতাপী মন্ত্ৰীও। আৰু তেনেকৈয়ে এদিন ভৰত নৰহৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পায় ভূৱন গামৰ। লাহে লাহে ভৰত নৰহ আপোন হৈ পৰিছিল ভূৱন গাম।
১৯৯০ চনত গুৱাহাটীলৈ অহা ভূৱন গামে গনেশগুৰিত স্থাপন কৰে ডেলিকেচি নামৰ এখন ৰেষ্টুৰেণ্ট। পিছত লখৰাতো ডেলিকেচিৰ এখন ফ্ৰেন্সাইজী স্থাপন কৰে। আনকি নতুন দিল্লীলৈকে লৈ যায় ডেলিকেচীৰ ফ্ৰেন্সাইজী। গুৱাহাটীৰ কেইবা ঠাইত বৰ্তমান অন্য বহু ব্যৱসায় আছে ভূৱন গামৰ
ব্যৱসায়িক ক্ষেত্ৰত থকাৰ বাবে সেই সময়ত কংগ্ৰেছৰ সৈতে সম্পৰ্ক আছিল যদিও কংগ্ৰেছৰ সদস্য হোৱা নাছিল ভূৱন গাম। পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো ঘনিষ্ঠ হৈ পৰে গাম।২০১৬ৰ বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা টিকট বিচাৰিছিল যদিও সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবে থমকি ৰ'বলগীয়া গাম।
সামাজিক জীৱনৰ লগতো জড়িত আছিল ভূৱন গাম।মাজুলী টি এম পি কেৰ সম্পাদক আৰু
যোৰহাট টি এম পি কে ৰো সম্পাদক ৰ দায়িত্ব পালন কৰিছিল মাজলী উপ নিৰ্বাচনৰ প্ৰাৰ্থীজনে।
বিভিন্ন সময়ত মাজুলীৰ সমাজ জীৱনৰ লগত জড়িত গাম আৰ্থিক দিশত টনকিয়াল হোৱাৰ পিছত বহু ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰা বহুত উদাহৰণ আছে। বানপানী আৰু কোৰোণা মহামাৰীৰ সময়ত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছিল মাজুলীৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|