আজি ঘোষণা কৰা হ'ব মাজুলী উপ নিৰ্বাচনৰ ফলাফল। শেহতীয়া খবৰ অনুসৰি প্ৰথম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে মাজুলীত। সৰ্বমুঠ ১৫টা ৰাউণ্ডত গণনা কৰা হ'ব ফলাফল। প্ৰথম ৰাউণ্ডৰ ফলাফল অনুসৰি প্ৰায় ৩,৫০০ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম। প্ৰথম ৰাউণ্ডত অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে এক সহস্ৰাধিক ভোট পাবলৈ সক্ষম হৈছে। অনুমান কৰা হৈছে যে, দুপৰীয়া প্ৰায় ১, ২ বজাত ফলাফলৰ এখন স্পষ্ট ছবি লাভ কৰিব পৰা যাব।
বিভিন্ন মহলত হোৱা চৰ্চা অনুসৰি মাজুলী উপ নিৰ্বাচনত জাতীয় পৰিষদৰ তুলনাত ফ্ৰণ্টফুটত আছে বিজেপি।
বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভূৱন গামৰ হৈ জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী। সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও চিত্তৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 10, 2022, 09:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।