বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভূৱন গামৰ হৈ জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী।
বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভূৱন গামৰ হৈ জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী।
আজি ঘোষণা কৰা হ'ব মাজুলী উপ নিৰ্বাচনৰ ফলাফল। কোন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী? নিৰ্বাচনত বিজেপিয়ে এইবাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল ভূৱন গামক। সেইদৰে কংগ্ৰেছ-ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে সন্মীলিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল চিত্তৰঞ্জন বসুমতাৰীক। বিভিন্ন মহলত হোৱা চৰ্চা অনুসৰি মাজুলী উপ নিৰ্বাচনত জাতীয় পৰিষদৰ তুলনাত ফ্ৰণ্টফুটত আছে বিজেপি।
বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভূৱন গামৰ হৈ জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী। সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও চিত্তৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সমান্তৰালকৈ মাজুলী উপ-নিৰ্বাচনৰ ফলাফলৰ ফালেও নিশ্চয়কৈ দৃষ্টি ৰাখিছে মাজুলীবাসীৰ লগতে ৰাজ্যৰ সচেতন ৰাইজে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|