Majuli By Election | Majuli Election | সকলোৰে আশা – উন্নয়ন হ’ব লাগে মাজুলীৰ।
Majuli By Election | Majuli Election | সকলোৰে আশা – উন্নয়ন হ’ব লাগে মাজুলীৰ।
মাজুলীত আজি চলিছে বিধানসভা উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱাৰে পৰা ২০৩টা সমষ্টিত অ্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। এতিয়ালৈ শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ। কোনো স্থানৰ পৰা কোনো বিক্ষিপ্ত ঘটনাৰ খবৰ এতিয়ালৈ অহা নাই। আজি তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মাজুলীবাসীয়ে।
আজি পুৱাই আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী ভুৱন গামে। আজিৰ নিৰ্বাচনক লৈ মাজুলীবাসীৰ মাজত দেখা গৈছে উৎসাহ। পুৱাৰে পৰা প্ৰতিটো ভোটকেন্দ্ৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। সকলোৰে আশা – উন্নয়ন হ’ব লাগে মাজুলীৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|