ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে বৃহত্তৰ আহতগুৰি মৌজা। বিভিন্ন অঞ্চলৰ খহনীয়াই এতিয়া মাজুলীৰ ভৌগালিক অস্তিত্ব বাবে ভাবুকি সৃষ্টি কৰাই নহয় বিপন্ন কৰি তুলিছে নৈপৰীয়াৰ জীৱন । চৰকাৰ প্ৰশাসনে ধুকি নোপোৱা মাজুলীৰ এটা বিশেষ অঞ্চল হৈছে মাজুলীৰ আহতগুৰি ।
ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে বৃহত্তৰ আহতগুৰি মৌজা। বিভিন্ন অঞ্চলৰ খহনীয়াই এতিয়া মাজুলীৰ ভৌগালিক অস্তিত্ব বাবে ভাবুকি সৃষ্টি কৰাই নহয় বিপন্ন কৰি তুলিছে নৈপৰীয়াৰ জীৱন । চৰকাৰ প্ৰশাসনে ধুকি নোপোৱা মাজুলীৰ এটা বিশেষ অঞ্চল হৈছে মাজুলীৰ আহতগুৰি ।
স্বাধীনতাৰ ৭৫ বছৰীয়া পৰিক্ৰমা । কিন্তু আজি পৰ্যন্ত সুৰক্ষা নহ'ল মাজুলীৰ এচপৰা ভূমি । বিভিন্ন অঞ্চলৰ খহনীয়াই এতিয়া মাজুলীৰ ভৌগালিক অস্তিত্ব বাবে ভাবুকি সৃষ্টি কৰাই নহয় বিপন্ন কৰি তুলিছে নৈপৰীয়াৰ জীৱন । চৰকাৰ প্ৰশাসনে ধুকি নোপোৱা মাজুলীৰ এটা বিশেষ অঞ্চল হৈছে মাজুলীৰ আহতগুৰি ।
মাজুলীৰ মূল ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন আহতগুৰিৰ লগত মাজুলীৰ পৰা যোগাযোগ আৰু যাতায়াতৰ একমাত্ৰ মাধ্যম হৈছে নাও । উন্নয়ন আৰু বিকাশৰ নামত আহতগুৰিবাসীয়ে আজি পৰ্যন্ত চৰকাৰ-প্ৰশাসনৰ কোনো উল্লেখযোগ্য উপাদান লাভ কৰিবলৈ সক্ষম নহ'ল । তাৰ সলনি ব্ৰহ্মপুত্ৰৰ খহনীয়াত প্ৰতি বছৰে হেৰাই যোৱাৰ উপক্ৰম হৈছে একালৰ বৃহৎ আহতগুৰি মৌজা । ব্ৰহ্মপুত্ৰৰ এই খহনীয়া প্ৰতিৰোধৰ বাবে ২ বছৰৰ পূৰ্বে ৩ কোটি ৩২ লাখ টকাৰে এক আঁচনি লোৱা হৈছিল যদিও বিভাগ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে খহনীয়াত জাহ গৈছে নদীকাষৰীয়াৰ বাসগৃহ । প্ৰতি বছৰে নিজৰ ঘৰ-ভূমি হেৰুৱাই অস্তিত্বৰ সংকটত বৰ্তমান আহতগুৰিৰ এইসকল লোক ।
১ নং হুতাৰ, ন মাটি ৰায়তি, শিকলি চাপৰিকে ধৰি বহু কেইখন গাৱলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কঢ়িয়াই আনিছে ভাবুকি । আনহাতে খহনীয়াৰ কবলত পৰি নিজৰ ঘৰখন হেৰুৱাই উপায়বিহীন হৈ পৰিছে এইসকল লোক । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিজ হাতেৰে ভাঙিছে সপোনৰ ঘৰখন । খহনীয়াৰ কবলৰ পৰা ৰক্ষা পাবলৈ নিজৰ সকলো সামৰি ধাপলি মেলিছে সুৰক্ষিত স্থানলৈ । ভাঙিছে বিদ্যালয়, ভাঙিছে নামঘৰ যেন ব্ৰহ্মপুত্ৰৰ খহনীয়াই নিঃশেষ কৰি আনিছে এফালৰ পৰা ।ক'ভিড সৃষ্ট পৰিবেশৰ মাজতো এইসকল খহনীয়া গ্ৰস্ত লোকৰ দুখ - দুৰ্দশাৰ অন্ত নপৰা হৈছে । এটুকুৰা ভূমিৰ বাবে হাহাকাৰ আজি এইসকল খহনীয়াগ্ৰস্ত স্বাধীন লোকৰ । প্ৰশ্ন হৈছে কি হ'ব খহনীয়াগ্ৰস্ত এনে পৰিয়ালসমূহৰ ?মাজুলীৰ পৰা বিছিন্ন পিছপৰা এসময়ৰ বৃহৎ আহতগুৰি মৌজাৰ লোকসকলক সহায় কৰিব পাৰিবনে চৰকাৰ-প্ৰশাসনে ? খহনীয়াই প্ৰতিবছৰে সংকুচিত কৰি থাকিব নেকি মাজুলীৰ ভূখণ্ড ?
(ভাস্কৰ জ্যোতি কটকী, মাজুলী)
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|