• Home
  • »
  • News
  • »
  • assam
  • »
  • Majuli Boat Accident: নাও দুৰ্ঘটনাত সন্ধানহীন লোকক বিচাৰি কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰো অভিযান

Majuli Boat Accident: নাও দুৰ্ঘটনাত সন্ধানহীন লোকক বিচাৰি কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰো অভিযান

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ পৰা দুখন মেচিন নাৱেৰে দলটোৱে অভিযান চলাইছে।

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ পৰা দুখন মেচিন নাৱেৰে দলটোৱে অভিযান চলাইছে।

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ পৰা দুখন মেচিন নাৱেৰে দলটোৱে অভিযান চলাইছে।

  • Share this:

ফেৰী দুৰ্ঘটনাত সন্ধানহীন হোৱা লোকক বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়ো চলাইছে অভিযান। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা মাজুলী অভিমুখী ফেৰীৰ ভয়াবহ  দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকাসকলৰ সন্ধানত দিনে–নিশাই চলিছে অভিযান।


উদ্ধাৰ অভিযানত NDRF, SDRFৰ সমানেই সহযোগ আগবঢ়াইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। মেচিন নাওৰে উদ্যানখনৰ বিষয়া–কৰ্মচাৰীৰ এটা দলে অভিযান চলাইছে ব্ৰহ্মপুত্ৰত। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ পৰা দুখন অত্যাধুনিক মেচিন নাৱেৰে দলটোৱে পুৱাৰে পৰা অব্যাহত ৰাখিছে অভিযান।


ড্ৰ'ন,বাইন’কুলাৰসহ প্ৰয়োজনীয় সামগ্ৰীৰে পুৱা ৮ বজাত অগৰাতলিৰ পৰা দলটোৱে আৰম্ভ কৰে এই অভিযান। উল্লেখ্যে যে নিমাতীঘাটৰ দিশে অগ্ৰসৰ হৈ থকা ফেৰীখনৰ জৰিয়তে বোকাখাত আৰক্ষীৰ সহযোগত চলা এই অভিযান আন্ধাৰ নোহোৱা পৰ্যন্ত চলিব বুলি জানিব পৰা গৈছে।

Published by:Gautam Barman
First published: