• Home
  • »
  • News
  • »
  • assam
  • »
  • মাজুলীৰ ৫ যুৱক অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ, গৌৰৱান্বিত মাজুলীবাসী ...

মাজুলীৰ ৫ যুৱক অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ, গৌৰৱান্বিত মাজুলীবাসী ...

অসম লোকসেৱা আয়োগক দুৰ্নীতি মুক্ত কৰি চৰকাৰখনে মেধা সম্পন্ন অসমৰ যুৱক-যুৱতীসকলক আগবাঢ়ি যোৱাত আৰু নিজকে প্ৰতিষ্ঠা কৰাত যি প্ৰচেষ্টা হাতত লৈছে সেয়া শলাগিবলগীয়া বুলি মাজুলীবাসীয়ে উল্লেখ কৰিছে ।

  • Share this:
সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ২৩ তম্ স্থানত কমলপুৰ গাঁৱৰ কাৰ্তিক কমল শইকীয়া, ৫৪ তম্ স্থানত দৰিয়া গাঁৱৰ ত্ৰিসিদ্ধ নাথ অসম অসামৰিক সেৱা, দক্ষিণ আহতগুৰিৰ ভেকেলী গাঁৱৰ শ্ৰী মুক্তিনাথ দলে খণ্ড উন্নয়ন বিষয়া, ফুলনিৰ ৰাইডাঙনী গাঁৱৰ ক্ৰমে শ্ৰী মনোজ কুমাৰ নাথে কৰ অধীক্ষক আৰু শ্ৰী আৰিয়ান নাথে অসম প্ৰশাসনিক সেৱাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

অসম লোকসেৱা আয়োগক দুৰ্নীতি মুক্ত কৰি চৰকাৰখনে মেধা সম্পন্ন অসমৰ যুৱক-যুৱতীসকলক আগবাঢ়ি যোৱাত আৰু নিজকে প্ৰতিষ্ঠা কৰাত যি প্ৰচেষ্টা হাতত লৈছে সেয়া শলাগিবলগীয়া বুলি মাজুলীবাসীয়ে উল্লেখ কৰিছে । আনহাতে যোৰহাটৰ পৰা আহি আজি মাজুলীত উপস্থিত হোৱা কাৰ্ত্তিক কমল শইকীয়াৰে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত অসমৰ ভিতৰত ২৩ নং স্থানত উত্তীৰ্ণ হৈ তেওঁৰ মনোভাব ব্যক্ত কৰি কয় যে দূৰ্নীতি এক ব্যাধি আৰু ৰাইজৰ হকে কাম কৰিবলৈ যাওঁতে দূৰ্নীতিৰ কথাই আহিব নালাগে । বৰ্ত্তমান চৰকাৰেও দূৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যি স্থিতি গ্ৰহণ কৰিছে সেয়া শলাগিবলগীয়া আৰু দুৰ্নীতিৰ বিৰুদ্ধে কাৰ্তিক কমলেও সদায় মাত মাতি যাব । মাজুলীৰ কমলপুৰ গাঁৱৰ নিবাসী কৃষ্ণকমল শইকীয়া আৰু হীৰা শইকীয়াৰ কনিষ্ঠ পুত্ৰ কাৰ্ত্তিক কমল শইকীয়াই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে ২৩ নং স্থানত উত্তীৰ্ণ হৈ গাঁওখনলৈ গৌৰব কঢ়িয়াই আনিছে । আজি যোৰহাটৰ পৰা নিজৰ গাঁওখনত উপস্থিত হোৱা কাৰ্ত্তিকক গাঁওবাসীয়ে আদৰি নিয়ে । যুবকজনৰ এই সফলতাত গাঁওখনৰ ৰাইজৰ লগতে বৃহত্তৰ কমলাবাৰী অঞ্চলৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰে কাৰ্ত্তিকক । লগতে কাৰ্ত্তিকৰ পিতৃয়েও চৰকাৰক জনালে অশেষ ধন্যবাদ নিকা আৰু স্বচ্চতাৰে এই প্ৰতিযোগিতামূলক পৰীক্ষা অনুস্থিত কৰাৰ বাবে । অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিজনকে সমগ্ৰ মাজুলীবাসীয়ে শুভেচ্ছা জনাইছে
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি