মুখ্যপৃষ্ঠা »খবৰ »অসম »Rupjyoti Kurmi : আজি কংগ্ৰেছ এৰিব ৰূপজ্যোতি কুৰ্মীয়ে, বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা!

Rupjyoti Kurmi : আজি কংগ্ৰেছ এৰিব ৰূপজ্যোতি কুৰ্মীয়ে, বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা!

আজি পুৱা ১০ বজাত নিজৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিব বিধায়কগৰাকীয়ে।

আজি পুৱা ১০ বজাত নিজৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিব বিধায়কগৰাকীয়ে।

আজি পুৱা ১০ বজাত নিজৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিব বিধায়কগৰাকীয়ে।

  • Share this:
আজি কংগ্ৰেছ দল ত্যাগ কৰিব মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। দলীয় নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈ দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছৰ চাৰিবাৰৰ বিধায়কগৰাকীয়ে। ইতিমধ্যে ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈছে গুৱাহাটীত। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মৰিয়নীৰ বিধায়কজনৰ। আজি পুৱা ১০ বজাত নিজৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিব বিধায়কগৰাকীয়ে।

গুৱাহাটীত উপস্থিত হৈয়ে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সংবাদ মাধ্যমৰ আগত কুৰ্মীয়ে কয়, ‘‘ডেকাচামক আগুৱাই নিয়াৰ কোনো মানসিকতা নাই কংগ্ৰেছৰ। একাংশ নেতাকে ডাঙৰ ডাঙৰ পদবীবোৰ লাগে। ডেকা চামকো যে এটা সুযোগ দিব লাগে সেইটো কংগ্ৰেছ দলে বুজিবলৈ চেষ্টা নকৰিলে। কংগ্ৰেছ দলটোৱে ডেকা চামক নিবিচাৰে। যাৰ বাবে মই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো।’’

কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত আৰু কয় যে কিবা এটা ভাল হওক বুলিয়ে মই পদবী আশা কৰিছিলো। বিৰোধী দলৰ দলপতিও নিদিলে, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিও নিদিলে। এতিয়া যিসকলে দায়িত্ব গ্ৰহণ কৰি আছে তেওঁলোকেই দায়িত্ব লওক। যদি মই দলৰ কথা চিন্তা কৰো, কিন্তু মোৰ সমষ্টিৰ চাকৰি, নিবনুৱা সমস্যা, ৰাস্তা–পদুলিৰ কাম কৰিবলৈ সুযোগ নাপাওঁ, সেইবোৰ বহু কথা চিন্তা কৰিয়ে মই এই সিদ্ধান্ত লৈছো।

ইফালে, এই সিদ্ধান্তৰ পিছতে কংগ্ৰেছৰ বহু নেতাই ৰূপজ্যোতি কুৰ্মীৰ সৈতে যোগাযোগ কৰিছে যদিও এই সিদ্ধান্ত সলনি নহয় বুলি স্পষ্ট কৰি দিয়ে বিধায়কগৰাকীয়ে। তেওঁ কয় যদিও এই মৰম আগতেই দিলেহেঁতেন তেন্তে মই এনে সিদ্ধান্ত ল’বলগা নহ’লহেঁতেন।

উল্লেখযোগ্য যে ২০০৬ চনৰ পৰা ক্ৰমান্বয়ে চাৰিবাৰকৈ মৰিয়নীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীৰ দল ত্যাগৰ সিদ্ধান্তই জোকাৰণিৰ সৃষ্টি কৰিছে প্ৰদেশ কংগ্ৰেছত।

বিধায়কগৰাকীয়ে বিজেপি গমন কৰাতো চূড়ান্ত বুলি NEWS18ক অনানুষ্ঠানিকভাৱে অৱগত কৰিলেও ক'ত আৰু কেতিয়া যোগদান কৰিব সেয়া এতিয়াও ঠিক হোৱা নাই বুলি প্ৰকাশ কৰে।

শেহতীয়া বাতৰি