মেজৰ জেনেৰল ভাস্কৰ কলিতাৰ ৰামপুৰৰ ঘৰত উদ্ভণ্ডালি, থানাত পৰিয়ালৰ গোচৰ ৰুজু

ৰামপুৰত থকা ভাস্কৰ কলিতাৰ বাসগৃহৰ দেৱাল একাংশ লোকে আইন হাতত তুলি ভাঙি পেলোৱাৰ অভিযোগ। পথ পকীকৰন জৰীপৰ নামত একাংশ স্থানীয় লোকে বুলডোজাৰ লগাই ভাঙি দিয়ে মেজৰ জেনেৰেল গৰাকীৰ পৰিয়ালৰ লগতে চুবুৰীয়া দুঘৰৰ ৱাল ।

News18-Assam
Updated:April 25, 2019, 5:42 PM IST
মেজৰ জেনেৰল ভাস্কৰ কলিতাৰ ৰামপুৰৰ ঘৰত উদ্ভণ্ডালি, থানাত পৰিয়ালৰ গোচৰ ৰুজু
ভাস্কৰ কলিতাৰ ফাইল ফটো
News18-Assam
Updated: April 25, 2019, 5:42 PM IST
ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেল পদত অধিস্থিত ভাস্কৰ কলিতাৰ বাসগৃহৰ দেৱাল বুলডজাৰ লগাই ভাঙি পেলাইছে একাংশ লোকে।দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰাত থকা ভাস্কৰ কলিতাৰ বাসগৃহৰ দেৱাল একাংশ লোকে আইন হাতত তুলি ভাঙি পেলোৱাৰ অভিযোগত থানাৰ আশ্ৰয় লৈছে পৰিয়ালটোৱে। পথ পকীকৰণ জৰীপৰ নামত একাংশ স্থানীয় লোকে প্ৰশাসনৰ কোনো লোক লগত নথকাকৈ বুলডজাৰ লগাই ভাঙি দিয়ে মেজৰ জেনেৰেল গৰাকীৰ পৰিয়ালৰ লগতে চুবুৰীয়া দুঘৰৰ দেৱাল । আক্ৰান্ত পৰিয়ালৰ দাবী পথ পকীকৰণৰ জৰীপৰ নামত ৰাইজৰ সন্মতিত তেওঁলোকে আগতেই পিচলৈ ঠেলিছিল নিজৰ নিজৰ ঘৰৰ বেৰাসমূহ।



পৰিয়ালে জনায় প্ৰায় ৩ মাহ পূৰ্বে সৰ্বসন্মতিক্ৰমে অঞ্চলটোৰ পথ পকী কৰাৰ পিছতো ৰাইজৰ একাংশই নিজাববীয়াকৈ এখন পত্ৰ প্ৰেৰণ কৰি ৩ দিনৰ সময়সীমা বান্ধি এনেদৰে দেৱাল ভাঙি থৈ যায়। ভাস্কৰ কলিতাৰ পৰিয়ালৰ অভিযোগ তেওঁলোকলৈ প্ৰশাসনৰ তৰফৰ পৰা কোনো পত্ৰ অহা নাছিল।  আনকি ৰাইজৰ নিজাববীয়া  জৰীপৰ সময়চোৱাতো উপস্থিত নাছিল আৰক্ষী প্ৰশাসনৰ লোক । একাংশ লোকে অসহায় পৰিয়ালটোৰ সদস্যক অপদস্থ কৰাৰ লগতে ভাস্কৰ কলিতাৰ বৃদ্ধ পিতৃক যথেষ্ট মানসিক হেঁচা দিয়াৰ ক্ষোভ প্ৰকাশ কৰে পৰিয়ালটোক।

প্ৰশ্ন উঠিছে যদিহে প্ৰশাসনৰ তৰফৰ পৰা কোনো জাননী নাছিল তেন্তে ৰাইজে কিয় ভাঙিলে মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পৰিয়ালৰ লগতে সমীপৰ দুঘৰৰ দেৱাল ? অসমবাসীক উৎফুল্লিত কৰি ভাৰতীয় সেনাবাহিনীৰ মেজৰ জেনেৰেল ৰূপে কৰ্মৰত অসম সন্তানৰ পৰিয়ালৰ সৈতে অঞ্চলটোৰ একাংশ লোকৰ দুৰ্ব্যৱহাৰ কিয়?  কিয় ৰামপুৰ সুজনপাৰাৰ ৰাইজে নিজেই অজুহাত দেখুৱাই দেৱাল ভাঙিলে?  ভাস্কৰ কলিতাৰ পৰিয়ালে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ ভিত্তিত পলাশবাৰী থানাত ১৬৫/১৯ নং ৰুজু হৈছে গোচৰ। মেজৰ জেনেৰেল গৰাকীয়ে অসম চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিব বুলিও জনায় পৰিয়ালে।
আৰু চাওক পৰৱৰ্তী বাতৰি