• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Police : অসম আৰক্ষীত ব্যাপক ৰদবদল, জি পি সিঙক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ পৰা অব্যাহতি

Assam Police : অসম আৰক্ষীত ব্যাপক ৰদবদল, জি পি সিঙক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ পৰা অব্যাহতি

আৰক্ষী অধীক্ষক পৰ্যায়ৰ পৰা ADGP লৈ পদোন্নতি

আৰক্ষী অধীক্ষক পৰ্যায়ৰ পৰা ADGP লৈ পদোন্নতি

আৰক্ষী অধীক্ষক পৰ্যায়ৰ পৰা ADGP লৈ পদোন্নতি

  • Share this:

অসম আৰক্ষীত পদোন্নতি আৰু বদলি। আৰক্ষী অধীক্ষক vigilance & anticorruptionৰ নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তক DIG সীমান্ত শাখালৈ পদোন্নতি ৷ দশম আৰক্ষী বাহিনীৰ অধিনায়ক শিলাদিত্য চেতিয়াক পদোন্নতিৰে ডিআইজি প্ৰশাসন শাখালৈ বদলি। বিশেষ শাখাৰ আৰক্ষী অধীক্ষক ৰত্না সিঙক পদোন্নতি দি ডিআইজি বিশেষ শাখাৰ দায়িত্ব ৷


vigilance & anticorruptionৰ আৰক্ষী অধীক্ষক বিজয় গিৰি কুলিগ্ৰামক পদোন্নতি দি ডিআইজি (NR)তেজপুৰলৈ বদলি ৷ ডিফুৰ ডিআইজি (CR) সত্যৰাজ হাজৰিকাক পদোন্নতি দি IGP BTADৰ দায়িত্ব ৷ তিনিচুকীয়াৰ ডিআইজি (NER) জিৎমল দলেক পদোন্নতি দি IGP(NER)ৰ দায়িত্ব ৷ ৰেলৱেৰ ডিআইজি আবু চুফিয়ানক পদোন্নতি দি IGP MPCৰ দায়িত্ব ৷


অসম আৰক্ষী গৃহ নিৰ্মাণৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতাক পদোন্নতি দি অতিৰিক্তভাৱে IGP BI(EO)ৰ দায়িত্ব ৷ সুৰক্ষা বিভাগৰ ডিআইজি ইমদাদুল হুছেইন বৰাক পদোন্নতি দি IGP সুৰক্ষা বিভাগৰ দায়িত্ব ৷ vigilance & anticorruptionৰ ডিআইজি দেৱজ্যোতি মুখাৰ্জিক পদোন্নতি দি IGP (CR) নগাঁওৰ দায়িত্ব ৷ ডিআইজি প্ৰশাসন প্ৰশান্ত সাগৰ চাংমাইক পদোন্নতি দি IGP (T&AP)ৰ দায়িত্ব ৷


আনহাতে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক vigilance & anticorruption দায়িত্বৰ পৰা অব্যাহতি ৷ IGP সুৰেন্দ্ৰ কুমাৰক ADGPলৈ  পদোন্নতি দি vigilance & anticorruptionৰ দায়িত্ব ৷ IGP (T&AP) অনুৰাগ আগৰৱালাক পদোন্নতি দি একে বিভাগৰে ADGPপদত নিযুক্তি ৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি