দৰঙৰ বুঢ়া আৰক্ষী চকীত সংঘটিত জঘন্য ঘটনাৰ আৰম্ভণি ক’ত?

News18-Assam
Updated:September 18, 2019, 3:26 PM IST
দৰঙৰ বুঢ়া আৰক্ষী চকীত সংঘটিত জঘন্য ঘটনাৰ আৰম্ভণি ক’ত?
আৰক্ষী বিষয়াৰ আক্ৰমণৰ বলি হোৱা তিনি ভগ্নীৰ ভাতৃয়ে এগৰাকী যুৱতীক পলুৱাই আনিছিল।

আৰক্ষী বিষয়াৰ আক্ৰমণৰ বলি হোৱা তিনি ভগ্নীৰ ভাতৃয়ে এগৰাকী যুৱতীক পলুৱাই আনিছিল।

  • News18 Assam
  • Last Updated: September 18, 2019, 3:26 PM IST
  • Share this:
দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য। আৰক্ষী চকীৰ ভিতৰত তিনি ভগ্নীক ওৰেনিশা গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰিছিল SI মহেন্দ্ৰ শৰ্মাই। আচামীক নাপাই অভিযুক্তৰ তিনি ভগ্নীক উঠাই আনি এইদৰে চৰম নিৰ্যাতন চলাইছিল আৰক্ষী বিষয়াগৰাকীয়ে। নিষ্ঠুৰ আৰক্ষী বিষয়াজনৰ হাতৰ পৰা সাৰি যোৱা নাছিল গৰ্ভৱতী মহিলাও। তিনি ভগ্নীৰ ভিতৰত এগৰাকী মহিলা আছিল গৰ্ভৱতী। বাৰে বাৰে গৰ্ভৱতী মহিলাগৰাকীয়ে আৰক্ষী বিষয়াজনক অনুৰোধ কৰাৰ পিছতো ৰেহাই দিয়া নাছিল। পাষাণ মহেন্দ্ৰ শৰ্মাৰ প্ৰহাৰত মহিলাগৰাকীৰ গৰ্ভপাত হোৱাৰো অভিযোগ উত্থাপন হৈছে।

কিয় প্ৰহাৰ কৰিছিল তিনি ভগ্নীক
আৰক্ষী বিষয়াৰ আক্ৰমণৰ বলি হোৱা তিনি ভগ্নীৰ ভাতৃয়ে এগৰাকী যুৱতীক পলুৱাই আনিছিল। ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিত দৰঙৰ বুঢ়া আৰক্ষী চকীৰ আৰক্ষীয়ে চলাইছিল তদন্ত। অভিযুক্ত ৰফুল আলীক বিচাৰি নাপাই আৰক্ষীয়ে উঠাই নিছিল গুৱাহাটীত পৃথকে পৃথকে থকা তিনি ভগ্নীক। তাৰ পিছতে তিনি ভগ্নীৰ ওপৰত চলিছিল নিৰ্যাতন।

ঘটনাৰ আৰম্ভণি ক’ত?
৩ ছেপ্টেম্বৰত দৰঙৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত তিতকুছি গাঁৱৰ এগৰাকী যুৱতী নিৰুদ্দেশ হোৱাত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল। পিছত ৰফুল আলী নামৰ যুৱকজনে অপহৰণ কৰা বুলি তথ্য লাভ কৰি পুনৰ যুৱতীগৰাকীৰ পৰিয়ালে ৬ ছেপ্টেম্বৰত এজাহাৰ দাখিল কৰে ৰফুল
আলীৰ বিৰুদ্ধে। NEWS18ৰ আগত যুৱতীগৰাকীয়ে ক’লে সমগ্ৰ কাহিনী।

শুনক কি ক’লে যুৱতীগৰাকীয়ে?


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading