কাজিৰঙাৰ গঁড় চিকাৰীক কেৰালাত গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হ’ল আচমত আলী ওৰফে নালকো নামৰ চোৰাং চিকাৰীটো। ধৃত চোৰাং চিকাৰীটোৰ ঘৰ বিশ্বনাথৰ ১নং আদাভেটিৰ মিলনপুৰ গাঁৱত। কেৰালা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হয় আচমত আলীক। উল্লেখযোগ্য যে শেহতীয়াকৈ তিনি গঁড় চিকাৰীৰ সন্ধান দিলে প্ৰতিজনৰ বিপৰীতে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰু খড়্গসহ গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
আচমত আলীক গ্ৰেপ্তাৰৰ কথা টুইটাৰযোগে সদৰি কৰিছে স্পেচিয়েল ডিজিপি জি পি সিঙে। তেওঁ আচমত আলীৰ ফটোসহ তেওঁ টুইটাৰত উল্লেখ কৰিছে – ‘‘কাজিৰঙাত শেহতীয়াকৈ গঁড়ৰ চোৰাং চিকাৰৰ মূল আঁচনি প্ৰস্তুত আৰু কাৰ্য ৰূপ দিওতা এই কুখ্যাত অপৰাধী জনক কেৰেলাত গ্ৰেপ্তাৰ কৰা হ’ল। সহযোগিতাৰ এয়া অতি মহান নিদৰ্শন।’’
বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো আচমত আলীক গ্ৰেপ্তাৰৰ কথা ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|