২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ চিকিৎসক হত্যাকাণ্ডৰ মূল অভিযুক্ত

News18 Assam | News18-Assam
Updated:September 6, 2020, 12:09 PM IST
২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ চিকিৎসক হত্যাকাণ্ডৰ মূল অভিযুক্ত
শনিবাৰে পুৱা যোৰহাট নগৰৰ চন্দননগৰৰ বাইলেন ৪ৰ এটা ভৱনৰ দ্বিতীয় মহলাত থকা ভাড়াঘৰত ৰাহুলৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছিল।

শনিবাৰে পুৱা যোৰহাট নগৰৰ চন্দননগৰৰ বাইলেন ৪ৰ এটা ভৱনৰ দ্বিতীয় মহলাত থকা ভাড়াঘৰত ৰাহুলৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছিল।

  • News18 Assam
  • Last Updated: September 6, 2020, 12:09 PM IST
  • Share this:
ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ যুৱ চিকিৎসক হত্যাকাণ্ডৰ মূল অভিযুক্তক। যোৰহাটৰ ডাঃ জে কে শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ ইণ্টাৰ্ণ চিকিৎসক ৰাহুল বসুমতাৰীক হত্যা কৰাৰ অভিযোগত দিগন্ত তাঁতী নামৰ এজন যুৱকক শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে। যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে গড়আলিৰ সদৰ গেটৰ সমীপৰ বাসগৃহৰ পৰা দিগন্তক গ্ৰেপ্তাৰ কৰে।

ৰাহুলৰ বন্ধু দিগন্ত পেচাত এজন পেইণ্টাৰ আৰু দিগন্তৰ সৈতে ৰাহুলৰ বন্ধুত্ব দীৰ্ঘদিনীয়া নাছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে। ধৃত দিগন্তৰ পৰা আৰক্ষীয়ে মৃত ৰাহুলৰ মোবাইল ফোনটো উদ্ধাৰ কৰিছে। মাজনিশা গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান দিগন্তক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। দিগন্তৰ স্বীকাৰোক্তিৰ পৰাই স্পষ্ট হব হত্যাকাণ্ডৰ আৰৰ কাহিনী।

আনহাতে, চিনামৰা বাগিচাৰ সমীপৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে ধৃত দিগন্তৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাহুলৰ ৰয়েল এনফিল্ড মটৰচাইকেলখন, ইয়াৰ ছাবি, কেমেৰা আদি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে, আৰক্ষীৰ জেৰাত ধৃত দিগন্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। হত্যা কৰাৰ পিছত কাপোৰ সলাই বাথৰূমত গা ধুই ৰাহুলৰ কোঠাত বহু সময় পাৰ কৰিছিল দিগন্তই।

ৰাহুল বসুমতাৰী


"যিহেতু ঘটনাৰ তদন্ত অব্যাহত আছে গতিকে আমি এতিয়াই কোনো কথা প্ৰকাশ কৰিব নিবিচাৰো। এজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ পৰা ৰাহুলৰ মোবাইল ফোনটো জব্দ কৰা হৈছে। ধৃত যুৱকজন হত্যাকাণ্ডত লিপ্ত থকাৰ বহু তথ্য-প্ৰমাণ আমি লাভ কৰিছো।", অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে এনেদৰে কয়।

আৰক্ষী বিষয়াগৰাকীয়ে হত্যাকাণ্ডৰ কাৰণ তথা ইয়াৰ সৈতে জড়িত অন্যান্য তথ্যৰ বিষয়ে তদন্ত শেষ হোৱাৰ পিছতহে জনাব পাৰিব বুলি কয়। উল্লেখ্য, শনিবাৰে পুৱা যোৰহাট নগৰৰ চন্দননগৰৰ বাইলেন ৪ৰ এটা ভৱনৰ দ্বিতীয় মহলাত থকা ভাড়াঘৰত ৰাহুলৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। মজিয়াত তেজৰ ডোঙাৰ মাজত পৰি থকা ৰাহুলৰ মৃতদেহত চোকা অস্ত্ৰৰ আঘাতৰ চিন আছিল।

আৰক্ষীয়ে ৰাহুলৰ কোঠাৰ পৰা এখন কটাৰি উদ্ধাৰ কৰাৰ লগতে বাথৰুমৰ কমোদৰ পৰা তেজ লাগি থকা এটা পেণ্ট উদ্ধাৰ কৰিছিল। এই পেণ্টটোত লাগি আছিল ৰঙৰ দাগ। সাধাৰণতে পেইণ্টাৰসকলে কামৰ সময়ত পৰিধান কৰা পোছাকত এনে ৰঙৰ দাগ দেখা যায়।

আৰক্ষীয়ে লাভ কৰা আৰু কিছু বিশেষ ক্লুৰ আঁত ধৰিয়েই মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল। অধিক জেৰাৰ অন্তত এই হত্যাকাণ্ড সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিব।
Published by: Sanjay Kumar Das
First published: September 6, 2020, 12:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি