মুখ্যপৃষ্ঠা »খবৰ »অসম »Dima Hasao : ডিমাছা জাতিৰ প্ৰাচীন ঐতিহ্য মাইবাঙৰ ৰণচণ্ডী মাডাইখো পাৰ্কৰ উদ্বোধন

Dima Hasao : ডিমাছা জাতিৰ প্ৰাচীন ঐতিহ্য মাইবাঙৰ ৰণচণ্ডী মাডাইখো পাৰ্কৰ উদ্বোধন

ডিমাছা ৰাজত্বৰ ঐতিহ্য স্বৰূপ ৰণচণ্ডী মাডাইখো পাৰ্কৰ দ্বাৰোদ্ঘাটন

ডিমাছা ৰাজত্বৰ ঐতিহ্য স্বৰূপ ৰণচণ্ডী মাডাইখো পাৰ্কৰ দ্বাৰোদ্ঘাটন

ডিমাছা ৰাজত্বৰ ঐতিহ্য স্বৰূপ ৰণচণ্ডী মাডাইখো পাৰ্কৰ দ্বাৰোদ্ঘাটন

  • Share this:

নতুন ৰূপ লোৱা ডিমাছা ঐতিহ্যৰ মাইবাঙৰ ৰণচণ্ডী মাডাইখো পাৰ্কৰ উদ্বোধন কৰা হয় আজি। শুকুৰবাৰে সহস্ৰাধিক লোকৰ উপস্থিতিত মাইবাং ৰণচণ্ডী মন্দিৰৰ দ্বাৰ উদঘাটন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চিইএম দেৱোলাল গাৰ্লোছাই। উপস্থিত আছিল পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চেয়াৰপাৰ্ছন ৰাণু লাংঠাছা, পৰিষদৰ ডেপুটী চেয়াৰমেন বিমল হোজাই, কাৰ্যবাহী সদস্য ক্ৰমে নজিট কেম্প্ৰাই, ৰতন জাৰাম্বুছা, বিজিত লাংঠাছা, পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাউলাগুপু,ডিমাছা সাহিত্য সভাৰ সভাপতি ৰমেছ থাউচেন আদি উপস্থিত থাকে।


ডিমাছা ৰাজত্বৰ স্মৃতি স্বৰূপ মাইবাঙৰ মাহুৰ নৈৰ পাৰত ষোল শতিকাত ডিমাছা ৰজা মেঘ নাৰায়ণে এটা শিলেৰে এটা ঘৰ নিৰ্মাণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত এই ঐতিহাসিক স্মৃতিচিহ্নবোৰ পৰিত্যক্ত হৈ পৰে। শেহতীয়াকৈ পৰিষদ প্ৰধান দেৱোলাল গাৰ্লোছাই সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।


মাইবাঙৰ প্ৰাচীন শিলৰ ঘৰ চৌহদটোক নতুন ৰূপ দিছে, ইয়াৰ উপৰি আলোৰ ৰোষ্ণাই এক পাথৰ ঘৰ বা ৰণচণ্ডী মন্দিৰ চৌহদ মাইবাঙৰ মূল আকৰ্ষণ হৈ পৰিছে, য'ত ডিমাছা ৰাজ্যৰ ইতিহাস ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। নিৰ্মাণ কৰা হৈছে আটকধুনীয়া এখন তোৰণ। আজি ১৩ জানুৱাৰীৰ দিনা বহু প্ৰতীক্ষিত ৰণচণ্ডী মন্দিৰ পাৰ্কৰ দ্বাৰ উদঘাটন কৰাক লৈ মাইবাঙত উলহ-মালহ পৰিৱেশ বিৰাজ কৰে। পুৱাৰ পৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ গোট খোৱা পৰিলক্ষিত হয়। ৰণচণ্ডী মন্দিৰ পাৰ্কৰ দ্বাৰ উদঘাটনৰ উপৰি ডিমাছা ৰাজত্বৰ চাৰিগৰাকী ৰজা, চাৰি গৰাকী ডাওগা, চাৰিগৰাকী জাডি আৰু এগৰাকী সেনাপতিৰ মূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰে চিইএম দেৱোলাল গাৰ্লোছাই।


উল্লেখনীয় যে উত্তৰ- পূৰ্বাঞ্চলৰ ডিমাছা জনগোষ্ঠীৰ কোনো এটা সময়ত বিশাল ৰাজ্য,ৰজা, ৰাজত্ব, ৰাজধানী আছিল। ডিমাপুৰৰ পৰা মাইবাঙত ৰাজধানী স্থাপন কৰিছিল। মাইবাং এক পাথৰৰ ঘৰ বা ৰণচণ্ডী মন্দিৰ ডিমাছা ৰাজত্বৰ স্মৃতি চিহ্ন। লগতে আছে ৰাজবাড়ি আদি।  তথ্য অনুসৰি মাহুৰ নদীৰ পাৰত ষোল শতিকাত এটা শিল কাটি মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু এই স্মৃতিচিহ্ন বিলাক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ইয়াৰ আগতেও কোনেও ব্যৱস্থা লোৱা হোৱা নাছিল। কিন্তু এইবাৰ বিজেপিশাসিত ডিমা হাছাও পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী দেৱোলাল গাৰ্লোছাই ইয়াক সংৰক্ষণ কৰাৰ বাবে আগুৱাই আহে আৰু যোৱা দুটা বছৰত গোটেই কাম সামৰি আজি মুকলি কৰা হয়।

শেহতীয়া বাতৰি