ৰাজ্যৰ ৫ গৰাকী মহীয়সী নাৰীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে মহীয়সী বঁটা ২০২৩। 'ৰত্নম'ৰ উদ্যোগত আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে প্ৰদান কৰা হয় মহীয়সী বঁটা।
শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে এই বঁটা। লেখিকা হেমপ্ৰভা বড়া সোণোৱাল, সমাজ সেৱিকা ভানু তাঁতী, স্বাস্থ্য সেৱিকা স্নেহলতা এন চাংমা, লোকশিল্পী বৈজয়ন্তী নাথ তালুকদাৰ আৰু হস্ততাত শিল্পী হেমন্তী দলে চুংক্ৰাঙক প্ৰদান কৰা হয় বঁটা। বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সমাজ গঢ়াত নাৰী শক্তিৰ অৱদান সৰ্ন্দভত মন্তব্য কৰে।
ছয়গাঁৱৰ স্নেহলতা এন চাংমাক দীৰ্ঘ সময় স্বাস্থ্য সেৱিকা হিচাপে ৰাইজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে প্ৰদান কৰা হয় মহীয়সী বঁটা। হস্ততাঁত শিল্পৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে বহুজনক জীৱিকাৰ সন্ধান দিয়া হেমন্তী দলে চুংক্ৰাঙক প্ৰদান কৰা হয় বঁটা। চাহ বাগিচা অঞ্চলত মহিলাসকল সৱলীকৰণৰ জৰিয়তে অন্ধবিশ্বাস, বাল্য বিবাহ আদি ৰোধ কৰিবলৈ কাম কৰা ভানু তাঁতীক প্ৰদান কৰা হয় মহীয়সী বঁটা। হেমপ্ৰভা বৰা সোণোৱালে মহিলাসকলক স্বাৱলম্বী কৰাৰ লগতে সামাজিক-সাংস্কৃতিক দিশত আগুৱাই নিবলৈ কৰা চেষ্টাৰ স্বীকৃতি হিচাপে প্ৰদান কৰা হয় মহীয়সী বঁটা। আনহাতে নাগাৰা নামৰ জৰিয়তে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰা শিল্পী বৈজয়ন্তী নাথ তালুকদাৰক প্ৰদান কৰা হয় ২০২৩ বৰ্ষৰ মহীয়সী বঁটা। প্ৰতিটো বঁটাত আছে এটা স্মাৰক, এখন প্ৰশস্তি পত্ৰ, গামোচা, চেলেং, কিতাপৰ টোপোলা আৰু ১৫ হাজাৰকৈ টকা।
অনুষ্ঠানত মহীয়সী শীৰ্ষক এখন স্মৰণিকা উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 'ৰত্নম'ৰ উদ্যোগত আৰু অসম ৰাজ্যিক মহিলা আয়োগৰ সহযোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিধায়ক বলীন চেতিয়া, বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, ছবি পৰিচালক মঞ্জু বৰুৱা, মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰ।
Published by: Gautam Barman
FIRST PUBLISHED : March 10, 2023, 16:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।