শনিবাৰে নিশা গুৱাহাটীত সফল ভাৱে সামৰণি পৰিল সৰ্বভাৰতীয় মিষ্টাৰ শৰাইঘাট প্ৰতিযোগিতা ২০২২। গুৱাহাটীৰ দেশভক্ত তৰুনৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত সফল ভাৱে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰে মহাৰাষ্ট্ৰৰ মহেন্দ্ৰ চৌহানে।
মহাৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ মহেন্দ্ৰ চৌহানে শনিবাৰে গুৱাহাটী ত লাভ কৰে ৩৩ সংখ্যক মিষ্টাৰ শৰাইঘাট খিতাপ ২০২২। বিগত ৩২ বছৰৰ দৰে এইবাৰো অসম বডি বিল্ডাৰ্চ ফিটনেছ এছোছিয়েছনে অনুষ্ঠিত কৰে মিষ্টাৰ শৰাইঘাট প্ৰতিযোগিতা।
এইবাৰ অৱশ্যে প্ৰতিযোগিতা খন অসম বডি বিল্ডাৰ্চ ফিটনেছ এছোছিয়েছনৰ সহযোগত শৰাইঘাট জীমে অনুষ্ঠিত কৰিছিল। ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ইণ্ডিয়ান বডি বিল্ডাৰ্চ ফেডাৰেছনৰ অধীনত শনিবাৰে সন্ধিয়া অনুষ্ঠিত মিষ্টাৰ শৰাইঘাটৰ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে পাঞ্জাৱৰ হাৰদ্বীপ সিং আৰু সুভদ্বীপ বৈদ্যই।
শনিবাৰে মিষ্টাৰ শৰাইঘাট প্ৰতিযোগিতাৰ বটা সমূহ বিতৰণ কৰে বিশ্ব বিখ্যাত শৰীৰ চৰ্চাবিদ অৰ্জুন প্ৰেমচান্দ দোগ্ৰাই। দোগ্ৰাক গুৱাহাটীৰত আদৰণি জনাই আয়োজক সমিতিৰ সচিব প্ৰধান ভৱজিৎ গোস্বামীয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 03, 2022, 12:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।