'মহামানব মহাত্মা গান্ধীৰ আদৰ্শ আমি আৰু আমাৰ চৰকাৰে অনুকৰণ কৰিছো।কানি বন্ধ কৰিবলৈ তেওঁ যথেষ্ট কাম কৰিছিল। একেদৰে আমাৰ চৰকাৰেও ড্ৰাগছ বন্ধ কৰিবৰ চেষ্টা কৰিছো। গো-সুৰক্ষাৰ বাবে মহাত্মা গান্ধীয়ে মাত মাতিছিল,তেওঁ ভগবান বুলি কৈছিল গৰুক। সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমিও গো-সুৰক্ষাৰ বাবে কাম কৰিছো।'- জি এম ডি এৰ উদ্যোগত গান্ধী মণ্ডপত পালন কৰা গান্ধী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত লগতে কয় যে,'নতুনকৈ নিৰ্মান কৰা হব গান্ধী মণ্ডপৰ প্ৰকল্প,আমি আঁচনি লৈছো। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আনি শিক্ষা প্ৰদান কৰিব লাগে গান্ধী কোন আছিল। গান্ধীৰ জীৱনৰ বিষয়ে জনাব লাগে। কেৱল ২অক্টোবৰ বা ১৫আগষ্টতে নহয়।'
'ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দৰ্শন আগবঢ়াই নিছিল মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীয়ে খাদীৰ জৰিয়তে সমাজখন উত্তোৰণ কৰা লক্ষ্য আছিল। কিন্তু সময়ৰ গতিত সেয়া বহু পৰিমাণে হেৰাই গৈছে।এই ক্ষেত্ৰত খাদী বোৰ্ডত আধুনিকতাৰ প্ৰযোজন আছে। বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিব লাগিব খাদী বোৰ্ডত।'- এনেদৰেও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|