মুখ্যপৃষ্ঠা »খবৰ »অসম »Mahashivratri 2023: ঐতিহাসিক আকাশীগংগা শিৱথানত বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঁচদিনীয়া মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন

Mahashivratri 2023: ঐতিহাসিক আকাশীগংগা শিৱথানত বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঁচদিনীয়া মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন

ঐতিহাসিক আকাশীগংগা শিৱথানত পাঁচদিনীয়া মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন

ঐতিহাসিক আকাশীগংগা শিৱথানত পাঁচদিনীয়া মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন

Akashiganga: নগাঁও জিলাৰ হোজাই মহকুমা আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া আকাশীগংগাত থকা ঐতিহ্যমণ্ডিত আকাশীগংগা শিৱ থানত বিগত বৰ্ষৰ দৰে এইবছৰো পাঁচদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলাৰ আয়োজন কৰিছে ৷

  • Share this:

ঐতিহাসিক আকাশীগংগা শিৱথানত বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঁচদিনীয়া মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন কৰিছে ৷ এই বৰ্ষত প্ৰায় দুই লক্ষাধিক ভক্তপ্ৰাণ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে ৷ শনিবাৰৰ পৰা আৰাম্ভ হব বিশাল মেলাৰ ৷


নগাঁও জিলাৰ হোজাই মহকুমা আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া আকাশীগংগাত থকা ঐতিহ্যমণ্ডিত আকাশীগংগা শিৱ থানত বিগত বৰ্ষৰ দৰে এইবছৰো পাঁচদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলাৰ আয়োজন কৰিছে ৷ এই পাঁচদিনীয়া কাৰ্যসূচীসমূহ সূচাৰূপে চলাই নিয়াৰ বাবে সৰ্বসন্মতিক্ৰমে মিলাৰাম দেউৰিক সভাপতি আৰু পঙ্কক হাজৰিকাক সম্পাদক হিচাপে লৈ এখন পৰিচালনা কমিটিও গঠন কৰা হয়। তদুপৰি, কেবাখনো উপ কমিটি গঠন কৰা হৈছে।


কাৰ্যসূচী অনুসৰি, ১৮ ফেব্ৰুৱাৰী ৰাতিপুৱা ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, স্মৃতিচাৰণ সভা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্থানীয় আয়তীসকলৰ দ্বাৰা নাম প্ৰসংগ, মহাশিৱৰাত্ৰি উপলক্ষে মহাযজ্ঞৰ আয়োজন কৰা হৈছে। ১৯ ফেব্ৰুৱাৰী ৰাতিপুৱা ঊষা কীৰ্তন, নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰিছে। ৰাতি 'আকাশীগংগাৰ কন্ঠ' নামৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ২০ ফেব্ৰুৱাৰী দিনজোৰা কাৰ্যসূচীৰ অন্তত নিশা 'পাৰিজাত হৰণ' নামৰ অংকীয়া ভাওনাৰ আয়োজন কৰা হৈছে ৷


উল্লেখযোগ্য় যে, ২১ ফেব্ৰুৱাৰীত দিনৰ কাৰ্যসূচীৰ অন্তত ৰাতি বাৰে বৰণীয়া কৃষ্টি প্ৰদৰ্শনৰ দিহা কৰিছে আয়োজক সমিতিয়ে। উক্ত কাৰ্যসূচীসমূহত অংশ গ্ৰহণ কৰিবলৈ সমাজকৰ্মী, বিষয়া, ৰাজনীতিৰ নেতা, জনপ্ৰতিনিধিসকলক আমন্ত্ৰণ জনোৱা হৈছে। মহাশিৱৰাত্ৰি কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা কমিটিয়ে৷

শেহতীয়া বাতৰি